NORTHEAST NOW (Assamese)
Popular Stories

অসমৰ দুজন সাহিত্যিকলৈ সাহিত্য একাডেমীৰ অনুবাদ সাহিত্য বঁটা

Posted by: নৰ্থ ইষ্ট নাও Updated by: নৰ্থ ইষ্ট নাও September 19, 2021 9:38 am
Sahitya Akademi Award

১৮ ছেপ্টেম্বৰ,শনিবাৰে সাহিত্য অকাডেমীয়ে ২০২০ বৰ্ষৰ অনুবাদ সাহিত্যৰ অকাডেমী বঁটা ঘোষণা কৰে।

অসমৰ দুজনকৈ  সাহিত্যিকে সাহিত্য অকাডেমী বঁটা লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।

‘ভাৰতীয় সংস্কৃতিৰ ভিত্তি’ শীৰ্ষক অসমীয়া ভাষাত অনুদিত দিগন্ত বিশ্ব শৰ্মাৰ গ্ৰন্থখনে এই বঁটা অৰ্জন কৰিছে।

শ্ৰী অৰবিন্দৰ দ্বাৰা ইংৰাজী ভাষাত ৰচিত ‘দ্য ৰেনেচা ইন ইণ্ডিয়া এণ্ড আডাৰ এছেজ অৱ ইণ্ডিয়ান কালছাৰ’ শীৰ্ষক গ্ৰন্থখনৰ অনুবাদ কৰিছিল দিগন্ত বিশ্ব শৰ্মাই।

আনহাতে বড়ো ভাষাত কামেশ্বৰ ব্ৰহ্মৰ অনুবাদ সাহিত্যই লাভ কৰিছে ২০২০ৰ সাহিত্য অকাডেমী অনুবাদ বঁটা।

ৰমিলা থাপাৰ ৰচিত ‘দ্য পেংগুইন হিষ্ট্ৰী অৱ আৰ্লি ইণ্ডিয়া’- ফ্ৰম দ্য অৰিজিনছ টু AD1300 শীৰ্ষক গ্ৰন্থখনৰ বড়ো ভাষালৈ কৰা অনুবাদৰ বাবে কামেশ্বৰ ব্ৰহ্মলৈ  আগবঢ়োৱা হৈছে এই বঁটা।

উল্লেখযোগ্য যে, ছৈয়দ আব্দুল মালিক ‘অঘৰী আত্মাৰ কাহিনী’ উপন্যাসখন ‘ঘৰবায়ৰৌ’ নামেৰে ৰাজস্থানী ভাষালৈ অনুবাদ কৰা বাবে ঘনশ্যাম নাথ কচ্ছাৱাইয়ে সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰিছ।