NORTHEAST NOW (Assamese)
অসম

বাংগালুৰুত ম’ৰেল পুলিচৰ উদ্ভণ্ডালি,দুজনক আটক

Posted by: নৰ্থ ইষ্ট নাও Updated by: নৰ্থ ইষ্ট নাও September 20, 2021 11:05 am
Bengaluru

এটা বেংকত কৰ্মৰত এগৰাকী মুছলিম মহিলাই এজন হিন্দু সহকৰ্মীৰ স’তে বাইকত যাত্ৰা কৰাৰ বাবেই আক্ৰমণৰ সম্মুখীন হৈছে দুজন দুষ্কৃতিকাৰীৰ দ্বাৰা।

বাংগালুৰুত সংঘটিত হৈছে এই লজ্জাজনক ঘটনাটো। লগে লগে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ঘটনাটোৰ ভিডিঅ’।

বাংগালুৰু আৰক্ষীয়ে ঘটনাটো সম্পৰ্কত নিশ্চিত কৰি জনাইছে যে দুষ্কৃতিকাৰী দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। দুষ্কৃতিকাৰী দুজন মুছলিম ধৰ্মাৱলম্বী বুলি জানিব পৰা গৈছে।

ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখা পোৱা গৈছে যে দুষ্কৃতিকাৰী দুজনে বাইক আৰোহী সহকৰ্মী দুগৰাকীক মৌখিক আক্ৰমণ কৰাৰ উপৰিও শাৰিৰীকভাৱেও হাৰাশাস্তি কৰিছে। জানিব পৰামতে, একেটা বেংকতে কৰ্মৰত সহকৰ্মীহালে ৰাতি ৯-৫০ বজাত অফিচৰ পৰা আহি থাকোতেই ঘটনাটো সংঘটিত হয়।

ভিডিঅ’টোত মহিলাগৰাকীয়ে জনায় যে তেওঁ এগৰাকী বিবাহিতা মহিলা আৰু সমগ্ৰ বিষয়টোত তেওঁ স্বামীৰ কোনো আপত্তি নাই। মহিলাগৰাকীৰ বয়স ৩৫ বুলি জানিব পৰা গৈছে। শেষত দুষ্কৃতিকাৰী দুজনে মহিলাগৰাকীক বাইকৰ পৰা নমাই দিয়ে আৰু এখন অটো ভাৰা কৰি ঘৰলৈ পঠায়। তাৰ পাছতো হিন্দু সহকৰ্মীজনক হাৰাশাস্তি কৰা অব্যাহত ৰাখে দুষ্কৃতিকাৰী দুজনে।

ঘটনাটোৰ সম্পৰ্কত বিজেপি শাসিত ৰাজ্য কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বম্মাইয়ে ব্যৱস্থা লোৱা হৈছে বুলি জনাইছে। আজি তেওঁ এই সম্পৰ্কত এটা টুইট কৰিছে। টুইটটোত তেওঁ কয় যে এনেধৰণৰ ঘটনাসমূহ তেওঁৰ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিব।