NORTHEAST NOW (Assamese)
অসম

অসম মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডাক্তৰ সঞ্জীৱ কাকতিৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সন্তোষজনক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 20, 2021 3:09 pm
AMCH

ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডাক্তৰ সঞ্জীৱ কাকতিৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সন্তোষজনক বুলি জানিবলৈ দিছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক ডাক্তৰ অভিজিত শৰ্মাই।

টুইটাৰ যোগে ডাক্তৰ অভিজিত শৰ্মাই সঞ্জীৱ কাকতিৰ স্বাস্থ্য ক্ৰমাৎ উন্নত অৱস্থালৈ আহিছে বুলি জানিব দিয়ে।
তেওঁ উল্লেখ কৰা মতে, সঞ্জীৱ কাকতিৰ সৈতে দীঘলীয়া বাৰ্তালাপত মিলিত হয় আৰু ডাক্তৰ কাকতিৰ স্বাস্থ্যৰ বৰ্তমান দ্ৰুত উন্নয়ন ঘটিছে।

উল্লেখ্য যে, ডাক্তৰ সঞ্জীৱ কাকতিৰ দেহত ক’ভিদ ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল।

Also read : দুৰ্দান্ত বেটিং ঋতুৰাজৰ; IPLৰ ‘দ্বিতীয় পৰ্ব’ত ৰোহিত বিহীন মুম্বাইক ২০ৰাণত হৰুৱালে ধোনীৰ চেন্নাইয়ে

তেওঁক এয়াৰ এম্বুলেঞ্চেৰে দিল্লীলৈ চিকিৎসাৰ বাবে পঠিওৱাৰ ব্যৱস্থা কৰা হৈছিল যদিও বেয়া বতৰৰ বাবে সেইয়া সম্ভৱ হোৱা নাছিল আৰু গ্ৰীণ ক’ৰিডৰৰ যোগে ততাতৈয়াকৈ গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল।