NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে নিশা চলোৱা অভিযানত আটক ৪ শতাধিক দালাল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 21, 2021 12:04 pm
Himanta-Biswa-Sarma-5-750x375-1

সোমবাৰে নিশা আৰক্ষীয়ে ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে চলোৱা এক ব্যাপক অভিযানত ৪ শতাধিক মাটিৰ দালালক আটক কৰে।

আৰক্ষীয়ে এইদৰে আটক কৰা দালালবোৰক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আৰক্ষী থানাত জেৰা কৰি থকা হৈছে।

আৰক্ষীৰ অভিযানত কামৰূপ মহানগৰ জিলাত ২২জন আৰু কামৰূপ গ্ৰাম্য জিলাত ৫২ জন দালালক আটক কৰা হৈছে।

শিৱসাগৰত ৫ জন দালালক আটক কৰা হৈছে। ডিব্ৰুগড়ত আটক কৰা হৈছে ১৮ জন দালালক।

নলবাৰীত সাংবাদিককে ধৰি আটক ২০জন মাটিৰ দালালক। বৰপেটাত আটক কৰা হৈছে ৬ জন মাটিৰ দালালক।

লখিমপুৰত ১৩ জন, ধুবুৰীত ৮ জন, বিশ্বনাথত ১৪ জন দালালক আটক কৰা হৈছে।

সেইদৰে বঙাইগাঁৱত ১৪ জন আৰু যোৰহাটত ৯ জন দালালক আটক কৰা হৈছে।

ইপিনে, আটক হোৱা দালালৰ মাজত বহু সম্ভ্ৰান্ত ব্যক্তিও থকা বুলি জানিব পৰা গৈছে।তদুপৰি, ৰাজহুৱা অনুষ্ঠান- প্ৰতিষ্ঠানৰ সৈতে জড়িত ব্যক্তিকো মাটিৰ দালালৰ অভিযোগত আটক কৰা হৈছে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে এইদৰে অভিযান চলাই মাটিৰ দালালবোৰক আটক কৰে।

মঙ্গলবাৰৰ ভিতৰত আৰু অধিক দালালক আটক কৰাৰ সম্ভাৱনা আছে।