NORTHEAST NOW (Assamese)
অসম

বন বিভাগৰ অভিযানত চামগুৰিত কাঠফলা মিলসহ দুই লক্ষাধিক টকাৰ মূল্যৱান চোৰাং কাঠ জব্দ

Posted by: ভাৰ্গব হাজৰিকা May 2, 2019 7:36 pm

নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন স্থানত ব্যাপক হাৰত চলি থকা বনধ্বংস যজ্ঞৰ সময়তে আজি বিয়লি কাঠপাৰাত বন বিভাগে এক বৃহৎ অভিযান চলায়।নগাঁও সদৰ আৰু শালনা বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী, বনসুৰক্ষা বাহিনী আৰু চামগুৰি আৰক্ষীয়ে সন্মিলিতভাৱে এই অভিযান চলায়।

এই অভিযানকালত বন বিভাগৰ লোকে এটা অবৈধ কাঠফলা মেচিন জব্দ কৰাৰ লগতে দুই লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠো জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে অভিযানৰ আগতীয়া উমান পাই ঘটনাস্থলীৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় ম: আল্লাউদ্দিন নামৰ অসাধু ব্যৱসায়ীটো তথা কাঠমিলৰ গৰাকী।

প্ৰাপ্ত তথ্য মতে বিগত সময়ত দীৰ্ঘদিন ধৰি কাঠপাৰা অঞ্চলৰ কেইবা ঠাইতো একাংশ অসাধু লোকে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল। অৱশ্যে পূৰ্বেও বন বিভাগে অভিযান চলাই অঞ্চলটোৰ পৰা কেইবাটাও কাঠ ফলা মিল উৎখাত কৰিবলৈ সক্ষম হয় যদিও ৰহস্যজনক ভাবে পুনৰ অঞ্চলটোত গা কৰি উঠে অবৈধ কাঠফলা মিল সমূহে। উল্লেখ্য যে, বৃহস্পতিবাৰে বন বিভাগে চলোৱা অভিযানত জব্দ হোৱা কাঠখিনি বৰ্তমান আমবাগান আৰক্ষীৰ জিম্মাত ৰখা হৈছে বুলি জানিবলৈ দিয়ে বন বিভাগৰ লোকে।