NORTHEAST NOW (Assamese)
অসম

বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সোচ্চাৰ জুবিন : জানুৱাৰীৰ পৰা কৰিব ‘কা’ আন্দোলন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 7, 2020 8:21 pm

পুনৰবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হোৱা দেখিবলৈ পোৱা গ’ল যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক।

জানুৱাৰী মাহৰ পৰা বিজেপি চৰকাৰে ‘কা’খন সমগ্ৰ দেশতে বলবৎ কৰাৰ সময়তে ‘কা’ৰ বিৰুদ্ধে বৃহৎ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে জুবিনে।

আজি সংবাদমাধ্যমৰ আগত জুবিনে কয় ‘ইতিমধ্যে চিন্তা-চৰ্চা কৰিছো ‘কা’ৰ বিষয়টো। ‘কা’ৰ কাৰণে আমাৰ মাজৰ বহু ল’ৰা শ্বহীদ হ’ল। ‘কা’ৰ বিৰুদ্ধে দিন-ৰাতি একাকাৰ কৰি যুদ্ধ কৰিলো। মই ইমান সহজে এৰি নিদিওঁ। কা যদি বলবৎ হয় মই আকৌ ওলাই আহিম।‘

‘প্ৰতিবাদ কৰি আছিলো আৰু সদায় ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম। যদি ক’ৰ’নাৰ কাৰণে ৰাজপথত অসুবিধা হয় তেন্তে বেলেগ পন্থা ল’ম।‘ জুবিনে লগতে হুংকাৰ দি কয়।

ইপিনে, নতুনকৈ খোলা ৰাজনৈতিক দলৰ প্ৰসংগ উত্থাপন কৰি জুবিনে লগতে কয় ‘নতুনকৈ ৰাজনৈতিক দল খুলিছে কিন্তু ৰাইজে তেওঁলোকক কিমান বিশ্বাসত লয় সেয়া সময়ত গম পাব। আমাৰ দৰে ৰাজনীতিত নোযোৱা মানুহ বহুত আছে। গোটেইখিনি লগ হৈ কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিম।‘

আনহাতে, সংবাদ মাধ্যমৰ জৰিয়তে অখিল গগৈক মুক্তি দিবলৈ পুনৰবাৰ দাবী কৰে জুবিন গাৰ্গে।

তেওঁ কয় ‘অখিল গগৈৰ বহুদিন জেইলৰ ভিতৰত আছে। তেওঁক বাহিৰলৈ উলিয়াই দিলে ভাল হয়। তেওঁৰ মাজতে স্বাস্থ্যৰ অৱনতিও হৈছিল গতিকে তেওঁক জেইলৰ পৰা উলিয়াই আনিব পাৰিলে ভাল হয়।‘

‘বিতৰ্ক মই ভাল নাপাওঁ, বিতৰ্কই মোক ভাল পায়।‘ জুবিনে লগতে কয়।

ইপিনে, জীৱনত কোনোদিন নিৰ্বাচনী প্ৰচাৰ গীত কোনো ৰাজনৈতিক দলৰে হৈ নাগায় বুলি দাবী কৰি জুবিনে কয় ‘জীৱনত আৰু কোনো নিৰ্বাচনী গীত নাগাওঁ। আগতে কংগ্ৰেছৰ গাইছিলো, বিজেপিৰো গাইছিলো কিন্তু এইবোৰ গাই লাভ নাই। এইবোৰ অদৰকাৰী। এইবোৰ গীত গালে বিতৰ্কও হয়। নিৰ্বাচনৰ গীত ইমান গুৰুত্বপূৰ্ণ নহয়, অন্য গীত গোৱাই ভাল।‘

আছুৰ উপদেষ্টা হৈয়ে থাকি যোৱা সমুজ্জ্বল ভট্টাচাৰ্য্যৰ সন্দৰ্ভত মন্তব্য কৰি জুবিনে লগতে কয় ‘সমুজ্জ্বল ভট্টাচাৰ্য্যৰ দৰে লোক ছাত্ৰ সন্থাত থকাটো দৰকাৰ। মই তেওঁ আছুত থাকি যোৱাৰ বাবে ভাল পাইছো।‘