NORTHEAST NOW (Assamese)
অসম

শোকাৱহ পথ দুৰ্ঘটনা; একেটা পৰিয়ালৰে চাৰিজন লোকৰ মৃত্যু, দুজন আহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 7, 2020 8:19 pm
accident-representational-image-ani

আজি বোকাজানৰ বাঘজানত সংঘটিত হৈছে এটি শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত একেটা পৰিয়ালৰে চাৰিজন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন দুজন লোক গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে পৰিয়ালটোৰ সদস্য কেইজনে এখন টাটা চুম’ত আহি থকা অৱস্থাতে সন্মুখৰ পৰা এখন ট্ৰাকৰ সৈতে প্ৰচণ্ড খুন্দা লাগে।

এই খুন্দাত পৰিয়ালটোৰ চাৰিজন লোক নিহত হোৱাৰ লগতে আন দুগৰাকী লোক গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাটোত পতিত হোৱা পৰিয়ালটো নাগালেণ্ডৰ লালুং অঞ্চলৰ আৰু ডিমাপুৰলৈ বিয়াৰ অনুষ্ঠানত অংশ ল’বলৈ আহিছিল।

দুৰ্ঘটনাটোত মৃত্যু হোৱা লোক কেইজন ক্ৰমে পোকছাম, আবং, কান্দাত আৰু য়ংকাই বুলি চিনাক্ত কৰা হৈছে।

আনহাতে দুৰ্ঘটনাটোত আহত হোৱা লোক কেইজনক ততাতৈয়াকৈ এম্বুলেন্সৰ জৰিয়তে বোকাজানৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়।