NORTHEAST NOW (Assamese)
অসম

কোভিডৰ সংক্ৰমণৰ বাবে বাতিল হ’ল ইংলেণ্ড-দক্ষিণ আফ্ৰিকাৰ মাজৰ ক্ৰিকেট শৃংখলা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 7, 2020 8:36 pm

ক’ৰ’নাৰ প্ৰভাৱৰ বাবে ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাটো বাতিল কৰা হৈছে।

শৃংখলাৰ প্ৰথমখন এদিনীয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ দুগৰাকী ক্ৰিকেটাৰ কোভিড প’জিটিভ হোৱাৰ পাছত প্ৰথমখন খেল পিছুৱাই দিয়া হৈছিল।

কিন্তু পৰৱৰ্তী সময়ত দুয়োটা ক্ৰিকেট দলে বাহৰ পতা হোটেলৰ কৰ্মচাৰীৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰাত সমগ্ৰ শৃংখলাটো বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ক’ৰ’নাৰ বাবে এদিনীয়া শৃংখলাটো বাতিল কৰিবলগীয়া হোৱাত দক্ষিণ আফ্ৰিকা ক্ৰিকেট বোৰ্ডে আৰ্থিক ক্ষতিৰ সন্মুখিন হ’বলগীয়া হয়।

টেলিভিশ্যন স্বত্বৰ পৰা লাভ কৰিবলগীয়া ধন দক্ষিণ আফ্ৰিকা ক্ৰিকেট বোৰ্ডে খেল অনুষ্ঠিত কৰিব নোৱাৰা বাবে লাভ নকৰে।

বৰ্তমান দুয়োটা ক্ৰিকেট দলৰ সদস্য সকলৰ ক’ৰ’না পৰীক্ষা কৰা হৈছে যদিও ফলাফল সমূহ অহা নায়।

উল্লেখযোগ্য যে, নিউজিলেণ্ড ভ্ৰমণলৈ যোৱা পাকিস্তান ক্ৰিকেট দলৰো আঠগৰাকী সদস্যৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰাৰ পাছত নিউজিলেণ্ড ক্ৰিকেট বোৰ্ডে পাকিস্তান ক্ৰিকেট দলৰ অনুশীলনত নিষেধাজ্ঞা জাৰি কৰিছিল।