NORTHEAST NOW (Assamese)
অসম

চহিদলৈ শ্ৰদ্ধাঞ্জলি: যোৰহাটত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অ.জা.যু.ছা.প.ৰ

Posted by: স্মিতা ভট্টাচাৰ্য্য Updated by: স্মিতা ভট্টাচাৰ্য্য January 12, 2020 7:55 pm
AJYCP-logo

নাগৰিকত্ব (সংশোধন) আইন ২০১৯বিৰোধী প্ৰতিবাদত নিৰাপত্তাৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা অসমৰ পাঁচ চহিদলৈ শ্ৰদ্ধাঞ্জলিৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাটত দেওবাৰে সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰে।

চহৰৰ নেহৰু পাৰ্কত আয়োজিত অনুষ্ঠানটোত সমাজৰ বিভিন্ন শ্ৰেণী আৰু ধৰ্মীয় বিশ্বাসৰ লোকে চহিদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

চহৰখনত শনিবাৰে ৰাতিও আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনে কা বাতিলৰ দাবীত জোঁৰ সমদল বাহিৰ কৰিছিল।

জগন্নাথ বৰুৱা কলেজৰ পৰা আৰম্ভ হোৱা সমদলটোৱে এ টি ৰোড, গড়আলি, কে বি ৰোড হৈ চহৰখন পৰিভ্ৰমণ কৰে।

আন্দোলনকাৰীসকলে বিজেপি চৰকাৰ আৰু নেতাসকলৰ মুৰ্দাবাদ ধ্বনি দিয়ে।

আছুৰ বৰ্তমানৰ নেতাৰ লগতে আগৰ নেতাসকলেও আন্দোলনটোত অংশগ্ৰহণ কৰে।

স্থানীয় নাৰী, সাহিত্য, জ্যেষ্ঠ নাগৰিকৰ সংগঠন, আত্মসহায়ক গোট আদিয়েও সমদলত ভাগ লয়।