NORTHEAST NOW (Assamese)
অসম

মাটিৰ দালাল: যোৰহাট আৰক্ষীয়ে আটক কৰিলে ১৫ জনকৈ লোকক

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক September 22, 2021 6:39 pm

কালিৰে পৰা যোৰহাট আৰক্ষীয়ে চলোৱা ধাৰাবাহিক অভিযানত বৰ্তমানলৈকে যোৰহাট আৰক্ষীয়ে মাটিৰ দালালৰ অভিযোগত ১৫ জনকৈ লোকক আটক কৰিছে ।

এই ১৫ জনৰ কালি আৰক্ষীয়ে আটক কৰিছিল ৯ জন লোকক আৰু ৮ জনক ইতিমধ্যে প্ৰেৰণ কৰিছে ন্যায়িক জিম্মালৈ ।

আনহাতে এজন দালালক শাৰীৰিক অসুস্থতাৰ বাবে প্ৰেৰণ কৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ ।

আনহাতে শেহতীয়াকৈ চিনামৰা আৰক্ষীয়ে ৬ জনক আটক কৰিছে।

জানিবপৰা মতে শেহতীয়াকৈ আটক কৰিছে ভূপেন হাজৰিকা, পোনা শৰ্মা, অজিত চৰকাৰ , শ্যাম শৰ্মা, ভূপেন হাজৰিকা, সঞ্জীৱ উপাধ্যায় ।