NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা পলায়ন বিচাৰাধীন কয়দীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 23, 2021 4:00 pm
Guwahati Central Jail prisoner escapes from GMCH

বুধবাৰে নিশা গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বিচাৰাধীন হৈ থকা এজন কয়দীয়ে পলায়ন কৰিছে।

পলাতক কয়দীজন হোজাই জিলাৰ বিজয় দেৱনাথ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, পেটৰ বিষত আক্ৰান্ত বিজয় দেৱনাথ গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল।

জানিব পৰা মতে, তেওঁ গ’লব্লাডাৰ ৰোগত আক্ৰান্ত আছিল।

তথ্য অনুসৰি, তেওঁৰ ওপৰত দৃষ্টি ৰাখিবৰ বাবে চিকিৎসালয়ত এজন আৰক্ষীৰ জোৱানো মোতায়েন কৰা হৈছিল। ইয়াৰ পাছতো কয়েদীজনে পলায়ন কৰা কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অৱশ্যে চিকিৎসা কক্ষত পলায়িত কয়দীজনৰ হাত বন্ধা অৱস্থাত নাছিল বুলি জানিব পৰা গৈছে।

বৰ্তমানলৈকে কয়দীজনে কেনেদৰে পলায়ন কৰিলে সেই সম্পৰ্কে জানিব পৰা নাই আৰক্ষীয়ে।

পলাতক কয়দীজনৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।