NORTHEAST NOW (Assamese)
অসম

Sipajhar Eviction:গৰুখুঁটিত প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণ চলোৱা ফটোগ্ৰাফাৰ বিজয় শংকৰ বনিয়াক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 24, 2021 8:00 am
WhatsApp Image 2021-09-24 at 7.30.43 AM

Sipajhar Eviction: ছিপাঝাৰৰ গৰুখুটিত উচ্ছেদ অভিযানৰ সময়ত প্ৰতিবাদকাৰীক আক্রমণ কৰা যুৱকগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

অসম আৰক্ষীৰ শীৰ্ষ বিষয়া জি পি সিঙে টুইটাৰযোগে সদৰী কৰিছে এই কথা।

সিঙে জানিবলৈ দিয়া মতে এই ঘটনাৰ তদন্তৰ বাবে চিআইডি শাখাত গোচৰ ৰুজু কৰা হৈছে। বৰ্তমান অভিযুক্ত চিআইডিৰ জিম্মাতে আছে।

অভিযুক্ত ফটোগ্ৰাফাৰজনৰ নাম হৈছে বিজয় শংকৰ বনিয়া।

এগৰাকী ফটোগ্ৰাফাৰ হিচাপে  ঘটনাস্থলীত উপস্থিত থকা ফটোগ্ৰাফাৰগৰাকীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাৰ ছবি ভাইৰেল হোৱাৰ পাছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

আৰু পঢ়ক: উচ্চতম ন্যায়ালয়ে বিশেষজ্ঞ কমিটি গঠন কৰি তদন্ত কৰিব পেগাছাছ কাণ্ডৰ; অহা সপ্তাহত দিব নিৰ্দেশ

ফটোগ্ৰাফাৰগৰাকীয়ে গুলীবিদ্ধ হৈ পৰি ৰোৱা এগৰাকী প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰাৰ দৃশ্যও ভাইৰেল হৈ পৰিছে।

বিজয় শংকৰ বনিয়া দৰং জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ ফটোগ্ৰাফাৰ।অতিৰিক্ত উপায়ুক্ত পল্লৱী কছাৰীৰ অধীনত আছিল বিজয়।

তেওঁক উচ্ছেদৰ দিনটোৰ কাৰ্যসূচী কেমেৰাত আৱদ্ধ কৰাৰ বাবে প্ৰশাসনে দায়িত্ব অৰ্পণ কৰিছিল।

উল্লেখ্য যে প্ৰথমতে ফটোগ্ৰাফাৰজনৰ এই আক্ৰমণৰ ঘটনা ভাইৰেল পৰাৰ পাছত তেওঁক এগৰাকী সাংবাদিক বুলি অনুমান কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

আনকি সাংবাদিক সংস্থাকে ধৰি বিভিন্ন দল-সংগঠনে ‘সাংবাদিকগৰাকী’ৰ কাৰ্যক গৰিহনা দি তদন্তৰ দাবীও কৰিছিল।