NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ কাৰ্যসূচী ঘোষণা; জানিবলৈ পঢ়ক ক’ত আৰু কেতিয়া অনুষ্ঠিত হ’ব মেচ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 28, 2020 12:11 pm

অহা মাহত অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব লগীয়া ভাৰতীয় ক্ৰিকেট দলৰ আজি সম্পূৰ্ণ কাৰ্যসূচী প্ৰকাশ পাইছে। ভাৰতে ভ্ৰমণৰ আৰম্ভণি ২৭ নৱেম্বৰত এদিনীয়া শৃংখলাৰ মেচেৰে কৰিব।

কাৰ্যসূচীত প্ৰকাশ পোৱা অনুসৰি চাৰিখনীয়া টেষ্ট শৃংখলাৰ এডিলেড টেষ্ট মেচখন দিবা-নৈশ আৰু মেলবৰ্ণ টেষ্টখন পৰম্পৰাগত অনুসৰি বক্সিং ডে বুলি জানিব পৰা গৈছে।

ইয়াৰ পিছত ছিডনি আৰু ব্ৰিছবেনত পিছৰ দুখন টেষ্ট অনুষ্ঠিত হ’ব।

টেষ্ট শৃংখলাৰ পূৰ্বে দুয়োখন দেশে তিনিখন এদিনীয়া আৰু সমসংখ্যক টি-২০ মেচৰ একোটাকৈ শৃংখলাত ভাগ ল’ব।

প্ৰথমখন এদিনীয়া মেচ ২৭ নৱেম্বৰ, দ্বিতীয়খন ২৯ নৱেম্বৰ আৰু তৃতীয়খন এদিনীয়া ২ ডিচেম্বৰত অনুষ্ঠিত হ’ব।

আনহাতে টি-২০ শৃংখলাটো আৰম্ভ হ’ব ৪ ডিচেম্বৰত। দ্বিতীয় আৰু তৃতীয় মেচ কেইখন হ’ব ক্ৰমে ৬ আৰু ৮ ডিচেম্বৰত।

টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ ১৭ ডিচেম্বৰত এডিলেডত অনুষ্ঠিত হ’ব।

ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সম্পূৰ্ণ কাৰ্যসূচী

এদিনীয়া শৃংখলা

১. ২৭ নৱেম্বৰ

২. ২৯ নৱেম্বৰ

৩. ২ ডিচেম্বৰ

টি-২০ শৃংখলা

১. ৪ ডিচেম্বৰ

২. ৬ ডিচেম্বৰ

৩. ৮ ডিচেম্বৰ

টেষ্ট শৃংখলা

১. ১৭-২১ ডিচেম্বৰ (দিবা নৈশ)

২. ২৬-৩০ ডিচেম্বৰ (মেলবৰ্ণ)

৩. ৭-১১ ডিচেম্বৰ (ছিডনী)

৪. ১৫-১৯ ডিচেম্বৰ (ব্ৰিছবেন)