NORTHEAST NOW (Assamese)
অসম

জম্মু-কাশ্মীৰত ভাৰতীয় সেনা বাহিনীৰ গুলিত দুজন সন্ত্ৰাসবাদী নিহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 28, 2020 12:43 pm

কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত পুনৰবাৰ সাফল্য লাভ কৰিছে ভাৰতীয় সেনা বাহিনীয়ে।

মঙলবাৰে নিশা জম্মু-কাশ্মীৰৰ বুধগামত সেনাৰ গুলিত দুজন সন্ত্ৰাসবাদী নিহত হয়।

নিহত হোৱা সন্ত্ৰাসবাদী দুজন জইচ-এ-মহম্মদৰ সদস্য আছিল বুলি জানিব পৰা গৈছে।

গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত অতৰ্কিতে অভিযান চলাই সেনাবাহিনীৰ দলে এই সফলতা লাভ কৰিবলৈ সক্ষম হয়।

জম্মু-কাশ্মীৰৰ বুধগামৰ চাদুৰা অঞ্চলত সন্ত্ৰাসবাদীয়ে বাহৰ পতা বুলি সেনা বাহিনীৰ লোকে খবৰ লাভ কৰে আৰু এই খবৰৰ ভিত্তিতে সেনা বাহিনীৰ দলে অভিযানৰ উদ্দেশ্য উক্ত স্থানত উপস্থিত হয়।

সেনা বাহিনীৰ লোক উপস্থিত হোৱাৰ পাছতে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ দলটোৱে সেনা বাহিনীক উদ্দেশ্য কৰি গুলিবৰ্ষণ কৰে।

সেনা বাহিনীৰ প্ৰত্যুত্তৰত দুজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়। এই গুলিচালনাৰ ঘটনাত কোনো সাধাৰণ নাগৰিকৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি সেনাৰ সূত্ৰত প্ৰকাশ পায়।