NORTHEAST NOW (Assamese)
Popular Stories

লাডাখত তিনি ভাৰতীয় সৈন্যৰ মৃত্যু : কংগ্ৰেছে ক’লে, “এয়া আশ্চৰ্যকজনক আৰু অগ্ৰহণীয়!”

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 16, 2020 7:41 pm
Indian-Chinese army joint exercise

লাডাখৰ ভাৰত-চীন সীমান্তত হোৱা সংঘৰ্ষত ভাৰতীয় সেনাৰ এজন বিষয়া আৰু দুজন জোৱান নিহত হোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে কংগ্ৰেছ দলে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লাডাখৰ ভাৰত-চীন সীমান্তৰ পৰিস্থিতি উন্নত হোৱা বুলি দাবী কৰি অহাৰ পিছতো কেনেকৈ তিনিজনকৈ ভাৰতীয় সেনাৰ মৃত্যু ঘটিবলৈ পালে বুলিও প্ৰশ্ন কৰিছে কংগ্ৰেছে।

লগতে পঢ়ক : উত্তপ্ত ভাৰত-চীন সীমান্ত : লাডাখত মুখামুখি সংঘৰ্ষত মৃত্যু কৰ্ণেলসহ দুই ভাৰতীয় জোৱান

“আশ্চৰ্যকৰ, অবিশ্বাস্য আৰু অগ্ৰহণযোগ্য! প্ৰতিৰক্ষা মন্ত্ৰীয়ে নিশ্চিত কৰিবনে।” কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ ৰণদ্বীপ সুৰ্জেৱালাই নিজৰ টুইটাৰ একাউন্টত এইদৰে কয়।

উল্লেখ্য যে, লাডাখৰ গালৱান উপত্যকাত যোৱা সোমবাৰে নিশা ভাৰত আৰু চীন সেনাৰ হতাহতিত ভাৰতীয় সেনাৰ এজন কৰ্ণেলসহ দুজন জোৱান নিহত হৈছিল।

লগতে পঢ়ক : পাঁচগৰাকী চীনা সৈন্যৰ মৃত্যু; ভাৰতীয় সৈন্যৰ মৃত্যুৰ পাছতে সীমা অতিক্ৰম কৰি ভাৰতীয় সৈন্য বাহিনীয়ে খেদি যোৱাৰ অভিযোগ চীনৰ

সংঘৰ্ষৰ পিছত দুই দেশৰ সেনাৰ মাজত উত্তেজনা আৰু বিবাদ প্ৰশমনৰ বাবে ইতিমধ্যে সেনাৰ জেনেৰেল পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে।

আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰন্তৰভাৱে লাডাখ সীমান্তৰ ভাৰতৰ ভূখণ্ড চীনে দখল কৰিছে বুলি অভিযোগ কৰি আহিছে।

আনকি এই সম্পৰ্কে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহকো প্ৰশ্ন কৰি আহিছে যদিও কেন্দ্ৰীয় চৰকাৰে বিৰোধীক এই সম্পৰ্কত উত্তৰ নিদি মাত্ৰ দেশবাসীক আশ্বস্ত হ’বলৈহে প্ৰতিৰক্ষা মন্ত্ৰীয়ে আহ্বান জনায় আহিছে।

লগতে পঢ়ক : ৪৫ বছৰ পিছত সীমান্তত নিহত দুই দেশৰ সেনা : সংঘৰ্ষৰ পিছত লাডাখৰ পৰিস্থিতি কেনে?

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লাডাখৰ ভাৰত-চীন সীমান্তকলৈ এদিন পূৰ্বে দেশবাসী আশ্বস্ত হ’বলৈ আহ্বান জনোৱাৰ পিছতে ভাৰতীয় সেনাবাহিনীৰ তিনিজনকৈ লোকক নিহত হোৱাত আশ্বৰ্য প্ৰকাশ কৰিছে কংগ্ৰেছ দলে।

লগতে পঢ়ক : লাডাখৰ বিজেপি সাংসদে ক’লে : ‘হয়, লাডাখত ভাৰতৰ ভূমি চীনে দখল কৰিছে।’