• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

লাডাখৰ বিজেপি সাংসদে ক’লে : ‘হয়, লাডাখত ভাৰতৰ ভূমি চীনে দখল কৰিছে।’

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক উভতি ধৰিলে লাডাখৰ তৰুণ বিজেপি সাংসদ নামগ্যেলে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 13, 2020 5:13 pm

2 min read

EaFT-7NU4AE53yj
31.3k
VIEWS
Share on FacebookShare on Twitter

লাডাখৰ চীন-ভাৰত সীমান্তকলৈ শাসক-বিৰোধীৰ আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজতে লাডাখৰ বিজেপি সাংসদগৰাকীয়ে বিস্ফোৰক মন্তব্য আগবঢ়াইছে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহে লাডাখৰ বাস্তৱ ছবি লুকুৱাই ৰাখিছে বুলি নিৰন্তৰ অভিযোগ উত্থাপন কৰি আহিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

কিন্তু ৰাহুল গান্ধীৰ প্ৰশ্ন তথা অভিযোগ সম্পৰ্কে দুই কেন্দ্ৰীয় মন্ত্ৰীয়ে কৌশলী স্থিতি গ্ৰহণ কৰাৰ সময়তে লাডাখৰ বিজেপি সাংসদ জেমিয়াং ছেৰিং নামগ্যেল এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে।

নিজৰ টুইটাৰ একাউন্টত টুইটত কৰি তেওঁ জনাইছে যে লাডাখৰ ভাৰতৰ ভূমি চীনে দখল কৰিছে।

নামগ্যেলে টুইটত লিখিছে, ‘হয়, চীনে ভাৰতৰ ভূমি দখল কৰিছে।’

কিন্তু চীনে ভাৰতৰ ভূমি দখল কৰাকলৈ বিজেপি সাংসদগৰাকীয়ে কংগ্ৰেছকে জগৰীয়া কৰে।

I hope @RahulGandhi and @INCIndia will agree with my reply based on facts and hopefully they won’t try to mislead again.@BJP4India @BJP4JnK @sambitswaraj @JPNadda @blsanthosh @rajnathsingh @PTI_News pic.twitter.com/pAJx1ge2H1

— Jamyang Tsering Namgyal (@MPLadakh) June 9, 2020

নিজস্ব বাক চাতুৰ্যতাৰে সাংসদত উজলি উঠা নবীন বিজেপি সাংসদগৰাকীয়ে টুইটাৰত আৰু লিখিছে, ‘আশা কৰো, বাস্তৱ ঘটনাৰ পৰিপ্ৰেক্ষিতত আমি দিয়া উত্তৰত ৰাহুল গান্ধী আৰু কংগ্ৰেছ নেতৃত্ব সন্তুষ্ট হ’ব আৰু বিভ্ৰান্ত কৰাৰ চেষ্টা নকৰিব।’

অতীতত লাডাখৰ কোন কোন এলেকা চীনে দখল কৰিছিল তাৰ এখন তালিকা দি কংগ্ৰেছ আৰু পূৰ্বৰ ইউ পি এ চৰকাৰৰ ভূমিকাক সমালোচনা কৰি সাংসদ নামগ্যেলে আৰু লিখিছে, ‘ৰাহুল গান্ধী, চীনে কি ভাৰতৰ ভূখণ্ড দখল কৰিছে?’

‘হয় নিম্মোল্লেখিত ভাৰতৰ এলেকাসমূহ চীনে দখল কৰিছে।’

তেওঁ উল্লেখ কৰিছে যে, ‘কংগ্ৰেছৰ দিনত ১৯৬২ চনত আক্সাই চীনে দখল কৰিছে।

ইউ পি এ চৰকাৰৰ সময়ত ২০০৮ চনত টিয়া পাংনাক আৰু চাবজি উপত্যকা চীনে দখল কৰিলে।

২০০৮ চনত চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মিয়ে ডেমজাক অঞ্চলৰ জোৰাৱাৰ দুৰ্গ ভাঙিছিল। ইয়াৰ পিছত ২০১২ত তাতেই নজৰদাৰ পইণ্ট সৃষ্টি কৰিলে চীনে। তাত চীনে ১২ টা পকী গৃহ নিৰ্মাণ কৰি তাৰ নাম দিছিল নিউ ডেমজাক। এই সকলোবোৰ ঘটিছিল ইউ পি এ চৰকাৰৰ শাসনকালত।

আকৌ ২০০৮-০৯ চনত ইউ পি এ চৰকাৰৰ দিনতে ডুঙ্গি ও জেমজোকৰ মাজৰ প্ৰাচীন বণিজ কেন্দ্ৰ ‘ডুম চেল’ ভাৰতে হেৰুৱাইছিল চীনৰ হাতত।’

এই ইতিহাসভিত্তিক তথ্যৰ লগতে সাংসদ নামগ্যেলে এখন মেপো শ্বেয়াৰ কৰিছে।

লাডাখৰ বিজেপি সাংসদ জেমিয়াং ছেৰিং নামগ্যেলৰ এই তথ্যভিত্তিক আক্ৰমণক কংগ্ৰেছ দল তথা ৰাহুল গান্ধীয়ে কেনেকৈ প্ৰত্যুত্তৰ দিয়ে সেয়া লক্ষণীয় হ’ব।

উল্লেখ্য যে, মে’ মাহৰ প্ৰথমটো সপ্তাহৰ পৰাই লাডাখৰ ভাৰত-চীন সীমান্তত উত্তেজনা বৃদ্ধি পাই আহিছে।

যাৰফলত দুই দেশে সীমান্ত সৈন্যবাহিনী মোতায়েন কৰে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd