NORTHEAST NOW (Assamese)
অসম

তেজপুৰৰ কলিয়াভোমোৰা দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা; টেংকাৰ চালকৰ থিতাতে মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 28, 2020 11:42 am

তেজপুৰত বুধবাৰে সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী টেংকাৰ চালকৰ মৃত্যু হয়।

জানিব পৰা মতে, বুধবাৰে তেজপুৰৰ কলিয়াভোমোৰা দলঙৰ ওপৰত দুৰ্ঘটনাটো সংঘটিত হয়।

এখন তেল পৰিবাহী তীব্ৰবেগী টেংকাৰে নিয়ন্ত্ৰণ হেৰুৱাই কলিয়াভোমোৰা দলঙৰ ৰেলিঙত খুন্দা মাৰে আৰু ব্ৰহ্মপুত্ৰ নদীত পৰি যায়।

এই শোকাৱহ দুৰ্ঘটনাটোৰ ফলত ট্ৰাকখনৰ চালক গৰাকীৰ থিতাতে মৃত্যু হয়।

মৃত্যু হোৱা ট্ৰাক চালক গৰাকী অৰ্জুন ৰয় বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ হ’ল এ এছ ১২ বিচি ৪৭৯১।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত ট্ৰাকখনত থকা আন এগৰাকী ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত ব্যক্তি গৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছে।