NORTHEAST NOW (Assamese)
অসম

আদালত কক্ষতে চলিল গুলীবৰ্ষণ! মৃত্যু ঘটিল গেংষ্টাৰৰ

Posted by: নৰ্থ ইষ্ট নাও Updated by: নৰ্থ ইষ্ট নাও September 24, 2021 4:21 pm
Gangster Killed In Delhi Courtroom

আজি দুপৰীয়া আদালত কক্ষতে চলিল দুটা গেঙৰ মাজতে ঘটিল প্ৰচণ্ড গুলিয়াগুলি! মৃত্যুও ঘটিল এজন ম’ষ্ট ৱাণ্টেডকে ধৰি কেইবাজনো গেংষ্টাৰৰ।

চাঞ্চল্যকৰ এই ঘটনাটো সংঘটিত হৈছে উত্তৰ দিল্লীৰ ৰোহিনীৰ এখন আদালতত।

শুকুৰবাৰৰ এই গুলিয়াগুলিত কমেও তিনিজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। মৃত্যু হোৱাসকলৰ ভিতৰত আছে দিল্লীৰ ম’ষ্ট ৱাষ্টেণ্ট জিতেন্দ্ৰ গোগী।

হিন্দী চিনেমাৰ কায়দাৰে গেংষ্টাৰকেইজনে অধিবক্তাৰ পোছাক পিন্ধি আদালত কক্ষত প্ৰৱেশ কৰিছিল। গুলিয়াগুলিত আৰক্ষীয়েও গুলিচালনা কৰে।

উল্লেখযোগ্য যে গেংষ্টাৰ গোগীৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈ আছে। ইয়াৰ ভিতৰত অন্যতম হৈছে হাৰিয়ানাৰ জনপ্ৰিয় গায়িকা হৰ্ষিতা আৰু আম আদমী পাৰ্টিৰ নেতা বিৰেন্দ্ৰ মানৰ হত্যাকাণ্ড।

গোগীৰ সন্ধান দিওঁতাক দিল্লীত ৪ লাখ আৰু হাৰিয়ানাত ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল আৰক্ষীয়ে। শেষত দিল্লী আৰক্ষীয়ে যোৱা মাৰ্চ মাহত গোগীক গ্ৰেপ্তাৰ কৰে। তাৰপাছত গোগী তিহাৰ জেলত বন্দী আছিল। আজি তেওঁক আদালত কক্ষলৈ অনা হয়। কিন্তু বিপক্ষৰ এটা গেঙে আদালত কক্ষতে গোগীলৈ গুলিচালনা কৰে। তৎক্ষণাত প্ৰাণ হেৰুৱাই গোগীয়ে।

এই ঘটনাত গোগীৰ বিৰোধী ‘টিল্লু’ নামৰ এটা গেং জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীৰ গুলিত ‘টিল্লু’ গেঙৰ দুজনৰ মৃত্যু হৈছে জানিব পৰা গৈছে।

জানিব পৰামতে, গোগীৰ গেং আৰু টিল্লু গেঙৰ মাজত কেইবাবছৰ ধৰি সংঘাত চলি আহিছে। বৰ্তমানলৈকে দুয়োটা গেঙৰ মাজৰ এই সংঘাতত ২৫ জন লোক নিহত হৈছে বুলি জানিব পৰা গৈছে।