NORTHEAST NOW (Assamese)
অসম

পঞ্জাৱত কংগ্ৰেছত উলম্ব বিভাজন! নতুন মন্ত্ৰীসভাত ৭ মন্ত্ৰীক অন্তৰ্ভূক্ত,বাদ পৰিল পূৰ্বৰ ৫ মন্ত্ৰী

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 25, 2021 3:25 pm

শেহতীয়াকৈ ৰাজনৈতিক পৰিৱৰ্তনৰ ধুমুহাই জোকাৰি যোৱা পঞ্জাৱৰ কংগ্ৰেছ নেতৃত্বাধীন চৰণজিৎ সিং চান্নি মন্ত্ৰীসভাত কোন কোন মন্ত্ৰীয়ে স্থান লাভ কৰিব তাকেলৈ চৰ্চা চলি থকাৰ মাজতে মন্ত্ৰীসভা খনত ৭ জন মন্ত্ৰীৰ অন্তৰ্ভূক্তি নিশ্চিত কৰা হৈছে।

কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত উক্ত ৭ জন মন্ত্ৰীক মন্ত্ৰী সভাত স্থান দিয়াটো খাটাং হৈ পৰিছে।

লক্ষ্যণীয় ভাবে পূৰ্বৰ অমৰিন্দৰ সিং মন্ত্ৰীসভাৰ ৫ জনকৈ মন্ত্ৰীক এইবাৰ কোনো পদবী দিয়া হোৱা নাই। উক্ত ৫ জন মন্ত্ৰীক মন্ত্ৰীসভাৰ তালিকাত ৰখা হৈছিল যদিও শেষ মুহূৰ্তত তেওঁলোকৰ নাম তালিকাৰ পৰা বাদ দিয়া হয়।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নিয়ে আজি ৰাজ্য খনৰ ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিতক সাক্ষাৎ কৰি ৭ জন নতুন মন্ত্ৰীয়ে কাইলৈ শপতগ্ৰহণ কৰিব বুলি অৱগত কৰে।

ইপিনে তালিকাৰ পৰা বাদ পৰা পূৰ্বৰ অমৰিন্দৰ সিং মন্ত্ৰীসভাৰ ৫ জন মন্ত্ৰী হৈছে ক্ৰমে প্ৰাক্ন স্বাস্থ্যমন্ত্ৰী বলবীৰ সিধু,প্ৰাক্তন ৰাজহ মন্ত্ৰী গুৰপ্ৰীত সিং কাংগাৰ,প্ৰাক্কন উদ্যোগ মন্ত্ৰী সুন্দৰ ছাম অৰোৰা,প্ৰাক্তন সমাজ কল্যাণ দপ্তৰৰ মন্ত্ৰী সাধু সিং ধৰমছট,প্ৰাক্তন ক্ৰীড়া মন্ত্ৰী ৰাণা গুৰমীট সিং ছোধী।

কংগ্ৰেছৰ নেতা কে চি বেনুগোপাল,হৰিশ ৰাৱাট আৰু অজয় মাকেন উপস্থিত থকা বৈঠকতে পঞ্জাৱৰ চান্নি মন্ত্ৰীসভাৰ নতুন মন্ত্ৰী কেইজনৰ নাম চূড়ান্ত কৰা হয়।

ইপিনে অমৰিন্দৰ সিং মন্ত্ৰীসভাৰ পূৰ্বৰ ৫ জনকৈ মন্ত্ৰীক তালিকাৰ পৰা বাদ বিষয়টোৱে এতিয়া পঞ্জাৱ কংগ্ৰেছত দুটা শিৱিৰৰ সৃষ্টি হোৱাটোৰ কথাটো স্পষ্ট কৰি তুলিছে।