NORTHEAST NOW (Assamese)
অসম

Reel ভিডিঅ’ বনাবলৈ গৈ মৃত্যু! ব্ৰহ্মপুত্ৰত সন্ধানহীন চাৰিজন ছাত্ৰৰ ভিতৰত তিনিজনৰ মৃতদেহ উদ্ধাৰ

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী September 26, 2021 5:39 pm

ব্ৰহ্মপুত্ৰত সন্ধানহীন  চাৰিজন ছাত্ৰৰ ভিতৰত তিনিজনৰ মৃতদেহ উদ্ধাৰ হৈছে।

তেওঁলোক ক্ৰমে জিত দাস, দয়াল শেখ, দ্বীপ চৰকাৰ। বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই অবিনাশৰ মৃতদেহ।

নদীত জাপ দিয়াৰ পূৰ্বে reel ভিডিও প্ৰস্তুত কৰিছিল ছাত্ৰ কেইজনে। নদীৰ কাষত পোৱা গৈছে ছাত্ৰকেইজনৰ মোবাইলফোন।

উল্লেখযোগ্য যে, বিয়লি প্ৰায় ২ বজাত নদীৰ পাৰত ছাত্ৰকেইজনৰ বেগকেইটা দেখা পায় স্থানীয় লোকে।

টিউচনৰ পৰা আহি নদীত সাঁতুৰিবৰ বাবে তথা মোবাইলত ৰিল ভিডিও প্ৰস্তুত কৰিবলৈ গৈছিল ছাত্ৰ কেইজন।

অবিনাশ দাসৰ সন্ধানত বৰ্তমানো sdrf আৰু Ndrf দলে অভিযান চলাই আছে ৷

ছাত্ৰ কেইজন বিদ্যামন্দিৰৰ দশমমান শ্ৰেণীত অধ্যয়নৰত বুলি জানিব পৰা গৈছে ৷ আটাইৰে বয়স ১৫ বছৰ বুলি জানিব পৰা গৈছে।

প্ৰথমে নদীৰ পাৰত ছাত্ৰ কেইজনৰ স্কুলৰ বেগ আৰু চেণ্ডেল উদ্ধাৰ হৈছিল ৷