NORTHEAST NOW (Assamese)
অসম

সতীৰ্থক গ্ৰেপ্তাৰঃ ঐতিহাসিক ৰংঘৰৰ সন্মুখত প্ৰতিবাদ বীৰ লাচিত সেনাৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ August 5, 2022 7:51 pm

ঐতিহাসিক ৰংঘৰৰ সন্মুখত প্ৰতিবাদ বীৰ লাচিত সেনাৰ

বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ।

মাৰ্ঘেৰিটাৰ এচডিঅপি আৰু তিনিচুকীয়া থানাৰ অ’চিৰ প্ৰতিমূৰ্তি ঐতিহাসিক ৰংঘৰৰ সন্মুখত দাহ কৰে বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে।

উল্লেখ্য যে ২ আগষ্টত বীৰ লাচিত সেনাৰ ডিগবৈ আঞ্চলিক সমিতিয়ে ড্ৰাগছৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল বাহিৰ কৰিছিল। উক্ত প্ৰতিবাদী সমদল আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে ১২ গৰাকী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল।

ইয়াৰোপৰি বীৰ লাচিত সেনাৰ প্ৰতিবাদকাৰীক বুকুত ধৰি গতিয়াই থানাৰ ভিতৰলৈ নিয়াৰ লগতে এনকাউন্টাৰৰ ভাবুকি প্ৰদান কৰিছিল বুলি অভিযোগ কৰে বীৰ লাচিত সেনাই।

মাৰ্ঘেৰিটাৰ এচডিপিঅ আৰু তিনিচুকীয়া থানাৰ অ’চিৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীৰে আজি শিৱসাগৰত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাই।

অৱশ্যে আৰক্ষীয়ে আটক কৰা আটাইকেইগৰাকী প্ৰতিবাদকাৰীকে পিছদিনাই আদালতে মুকলি কৰি দিয়ে।