NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

এয়াৰ ডেক্কানে শীঘ্ৰে শ্বিলং আৰু আগৰতলাৰ মাজত আৰম্ভ কৰিব বিমান সেৱা

Posted by: এন ই নাও নিউজ April 2, 2018 8:42 am
Air-Deccan-570x320

১৫ এপ্ৰিলৰ পাছৰ পৰা মেঘালয়ৰ ৰাজধানী শ্বিলং আৰু ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাক প্ৰত্যক্ষ সংযোগ কৰাৰ লক্ষ্যৰে আৰম্ভ কৰিব বিমান সেৱা।

এয়াৰ ডেক্কানৰ এক বিবৃতি অনুসৰি, কেন্দ্ৰীয় আঁচনি উৰানৰ জৰিয়তে দেশৰ আঞ্চলিক ক্ষেত্ৰসমূহৰ মাজত সংযোগ স্থাপনৰ যি লক্ষ্য লৈছে সেই ভিত্তিতে আমি কলিকতা-আগৰতলা-শ্বিলঙৰ মাজত ১৫ এপ্ৰিলৰ পাছৰ পৰা বিমান সেৱা চলাচল কৰিম।

এয়াৰ ডেক্কানৰ বিবৃতিটোত আৰু কয় যে আমাৰ এই ক্ষেত্ৰত কিছু কৰণীয় কাম আছে আৰু এইবোৰ সম্পূৰ্ণ হ’লেই আমি বিমান সেৱা আৰম্ভ কৰিম।

উল্লেখযোগ্য যে উৰান আঁচনিৰ অধীনত এজন যাত্ৰীৰ ভাড়া ২,৫০০ টকাৰ ভিতৰত থকাটো বাধ্যতামূলক। আনহাতে যোৱা বছৰৰ পৰা এই আঁচনিৰ শুভাৰম্ভ হৈছিল।

ভাৰতীয় বিমানবন্দৰ প্ৰধীকৰণৰ অধ্যক্ষ গুৰুপ্ৰসাদ মহাপাত্ৰই যোৱা বছৰৰ ডিচেম্বৰ মাহতে কৈছিল যে ত্ৰিপুৰাৰ কৈলাচহৰ বিমান বন্দৰৰ বাণিজ্যিক ফ্লাইট পৰিচালনাৰ বাবে নিলামকাৰীসকলক নিৰ্বাচিত কৰা হৈছিল।

স্মৰ্তব্য যে আগৰতলা বিমান বন্দৰৰ পৰা বছৰেকত প্ৰায় ১৩ লাখ যাত্ৰীয়ে বিমান সেৱা গ্ৰহণ কৰে।