NORTHEAST NOW (Assamese)
অসম

নিউয়ৰ্ক ইণ্ডিয়ান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব উৎপল বৰপূজাৰীৰ অসমীয়া ছবি ‘ইশু’

Posted by: এন ই নাও নিউজ April 2, 2018 11:36 am
Ishu-678x381

সমালোচকৰ দ্বাৰা প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীৰ অসমীয়া চলচ্চিত্ৰ ইশু নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে।

অসমীয়া লেখিকা মনিকুন্তলা ভট্টাচাৰ্যৰ একে নামৰ উপন্যাসৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা ছবিখন অহা ১২ মে’ত মহোৎসৱখনত প্ৰদৰ্শিত হ’ব।

নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল (এন ৱাই আই এফ এফ)  কাহিনী ছবি, তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শনৰ অতি পুৰণি আৰু আটাইতকৈ সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ।

ইশু শিশু চলচ্চিত্ৰখনত এটি ল’ৰাৰ দৃষ্টিৰে ডাইনীৰ নামত চলা কাণ্ড চিত্ৰিত কৰা হৈছে।

চাইল্ডেৰন’ছ ফিল্ম ছচাইটি অফ ইণ্ডিয়াই (চিএফএছআই) প্ৰযোজনা কৰা ছবিখন ইতিমধ্যে বিশ্বৰ বিভিন্ন মহোৎসৱত প্ৰদৰ্শিত হৈছে।

বহু বছৰ ধৰি এগৰাকী সাংবাদিক হিচাপে কাম কৰা অসমৰ চলচ্চিত্ৰ সমালোচক তথা পৰিচালকগৰাকীয়ে এতিয়ালৈকে পাঁচখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। সেইকেইখন হ’ল :- মায়ং: মিথ, ৰিয়েলিটি, ছঙছ অফ দ্য ব্লু হিলছ, ছকাৰ কুইনছ অফ ৰাণী, মেম’ৰিছ অফ এ ফ’ৰগটেন ৱাৰ আৰু ফৰ এ ডাৰ্বাৰ অফ দ্য পীপল।

অসমৰ এগৰাকী প্ৰসিদ্ধ চলচ্চিত্ৰ সমালোচক বৰপূজাৰীয়ে ২০০২ চনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।