NORTHEAST NOW (Assamese)
অসম

নগাঁও আৰু কাছাৰ কাগজ কলৰ বিষয়া-কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী September 29, 2021 11:00 am

নগাঁও আৰু কাছাৰ কাগজ কলৰ বিষয়া-কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ পথত।

HPC আৰু JACRU ৰ লগত মুখ্যমন্ত্ৰীৰ ৪ ঘণ্টা জোৰা বৈঠকৰ পাছত লোৱা হৈছে কেতবোৰ সিদ্ধান্ত।

দুয়োটা কাগজ কলৰ কৰ্মচাৰীৰ বাবে চৰকাৰে ৫৭০ কোটি টকাৰ সাহায্য পেকেজ ঘোষণা কৰিছে। এই সাহায্য পেকেজৰ পৰাই অহা দুমাহৰ ভিতৰত প্ৰাপ্য ধন লাভ কৰিব কৰ্মচাৰীয়ে।

ইয়াৰোপৰি, HPC ৰ ১০০ যুৱ কৰ্মচাৰীক যোগ্যতা অনুসৰি চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হয় বৈঠকত।

লগতে HPC ৰ চিকিৎসালয়ত কৰ্মৰত চিকিৎসক নাৰ্ছলৈ NHM ৰ অধীনত ঠিকাভিত্তিক নিযুক্তি দিয়াৰ সিদ্ধান্ত।

৫৮ বছৰীয়া আৰু তাতকৈ ওপৰৰ সকলো কৰ্মচাৰীয়ে লাভ কৰিব পেঞ্চন।

তাৎপৰ্যপূৰ্ণভাৱে HPC ৰ কৰ্মচাৰীয়ে সকলো চৰকাৰী গৃহ খালী কৰি দিলেহে উপৰোক্ত সুবিধাসমূহ লাভ কৰিব। ঘৰ খালী কৰাৰ বাবে এমাহৰ সময়সীমা বান্ধি দিয়া হৈছে।