NORTHEAST NOW (Assamese)
অসম

জাপানৰ নতুন প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত ফুমিও কিছিদা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 29, 2021 4:56 pm
TOP STORIESWORLD Fumio Kishida Set To Become New Japan PM

জাপানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী ফুমিও কিছিদাই শাসনকাৰী দলৰ নেতৃত্বৰ নিৰ্বাচনত জয়লাভ কৰিছে আৰু পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে ।

কিছিদা দলৰ বিদায়ী নেতা প্ৰধানমন্ত্ৰী য়োশিহিদে চুগাৰ স্থানত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ব।

উল্লেখ্য যে য়োশিহিদে চুগাই যোৱা ছেপ্টেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত মাত্ৰ এবছৰ কাৰ্যনিৰ্বাহ কৰি প্ৰধানমন্ত্ৰী পদ ইস্তফা দিয়ে।

লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ নতুন নেতা হিচাপে কিছিদা সোমবাৰে সংসদত পৰৱৰ্তী প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাটো নিশ্চিত।

কিছিদাই প্ৰথম ৰাউণ্ডত দুগৰাকী মহিলা প্ৰাৰ্থী ছানে তাকাইচি আৰু চেইকো নোডাতকৈ আগবাঢ়ি যোৱাৰ পিছত টিকাকৰণ মন্ত্ৰী তাৰো কোন’ক পৰাস্ত কৰে।