NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত টীয়কৰ যুৱক ৰূপমৰ ৰহস্যজনক মৃত্যু; জালুকবাৰী আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আত্মীয়ৰ

Posted by: নিৰ্মলেন্দু পাঠক ,টীয়ক Updated by: নিৰ্মলেন্দু পাঠক ,টীয়ক October 1, 2021 10:58 am
Rupam merder case

টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত পুৰণি মেলেঙৰ ৰূপম দাস নামৰ এজন যুৱকৰ গুৱাহাটীত কৰ্মৰত অৱস্থাত হোৱা মৃত্যুক যেন সহজভাৱে ল’ব পৰা নাই পৰিয়ালটিয়ে।

জানিব পৰা মতে ৰূপম দাস যোৱা মাৰ্চ মাহত ঘৰৰ পৰা ওলাই গৈছিল গুৱাহাটীৰ জালুকবাৰীস্থিত শংকৰদেৱ হাউছিং ছচাইটিত কাম কৰিবলৈ।

কিন্তু যোৱা ২৯ এপ্ৰিলত  যুৱকজনৰ ৰহস্যজনকভাৱে মৃত্যু হয় কৰ্মৰত অৱস্থাত।

২৯ এপ্ৰিলত মৃত্যু হোৱা ৰূপম দাসে ছয় মহলাৰ ওপৰৰ জপিয়াই আত্মহত্যা কৰা বুলি ৩০ এপ্ৰিলৰ বিয়লিহে খবৰ পাইছিল পৰিয়ালৰ লোকে।

সেই অনুসৰি ৩০ এপ্ৰিলৰ নিশাই জালুকবাৰী আৰক্ষী চকীত উপস্থিত হৈ পৰিয়ালে ৰূপম দাসৰ মৃতদেহ চমজি লয় যদিও তেওঁৰ মৃত্যুক সহজভাৱে ল’ব নোৱাৰি আৰক্ষীক এজাহাৰ দাখিল কৰে।

কিন্তু পুজিপতি গোষ্ঠীৰ পক্ষত থাকি আৰক্ষীয়ে এয়া আত্মহত্যা বুলি কৈয়ে ৰহস্যজনকভাৱে পৰিয়ালৰ এজাহাৰ ল’বলৈও অমান্তি হয়।

আনকি কৰ্মৰত হাউছিং ছ’চাইটিৰ কোন স্থানত মৃত্যু হৈছিল বা পৰিয়ালক সমবেদনা দিয়াৰ পৰিৱৰ্তে চিনি নোপোৱা বুলিহে ভাও ধৰে।

উল্লেখ্য যে ছয় মহলাৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যা কৰা বুলি কোৱা ৰূপম দাসৰ শৰীৰত নাছিল কোনো আঘাতৰ চিন।

ইপিনে মৰণোত্তৰ পৰীক্ষাতো ৰূপম দাসৰ মুৰত পাছফালে আঘাত কৰাৰ পৰিণতিত মৃত্যু হোৱা বুলি স্পষ্ট হৈছে।

বৃদ্ধ পিতৃৰ লগতে ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ উৎস ৰূপম দাসক হেৰুৱাই দিকবিদিক হেৰুৱাইছে পৰিয়ালৰ  লোকে।

জালুকবাৰী থানালৈ তাঁতবাতি কৰিও কোনো সঁহাৰি নাপালে পৰিয়ালটোৱে। আজিও ৰহস্য হৈয়ে থাকিল ৰূপম দাসৰ মৃত্যু।

শোকত ভাগি পৰা ৰূপমৰ পৰিয়ালে জালুকবাৰী আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি কয় যে দুখীয়া হোৱাৰ বাবেই আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰিলে।

যিহেতু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিজা সমষ্টিৰ আৰক্ষী আৰু বৰ্তমান তেওঁৰে চৰকাৰ সেয়ে উক্ত ঘটনাৰ উচিত তদন্ত কৰি পৰিয়ালটিক ন্যায় প্ৰদানৰ বাবে দাবী জনাইছে আত্মীয়ই।