NORTHEAST NOW (Assamese)
অসম

গান্ধী জয়ন্তীত ৰাজঘাটত গৈ শ্ৰদ্ধা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে; শাস্ত্ৰীৰ সমাধিতো কৰিলে মাল্যাৰ্পণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 2, 2021 12:14 pm
6f28fee2a7410f861c201ac270c4e659e8301efd84be5e245afa14f95a298d51

গান্ধী জয়ন্তী উপলক্ষে আজি মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

টুইটাৰত প্ৰধানমন্ত্ৰীয়ে লিখিছে,’’গান্ধী জয়ন্তীত শ্ৰদ্ধাৰ বাপুক প্ৰণাম জনালো। তেওঁৰ মহৎ নীতি বিশ্বজুৰি প্ৰাসংগিক আৰু আজিও লক্ষ লক্ষ মানুহক শক্তি যোগায়।‘’

প্ৰতি বছৰে ২ অক্টোবৰত মহাত্মা গান্ধীৰ জন্মবাৰ্ষিকী পালন কৰা হয়। বাপু বুলি সৰ্বজন সমাদৃত মহাত্মা গান্ধীক জাতিৰ জনক বুলি কোৱা হয়।

ভাৰতকে ধৰি বহু দেশত মহাত্মা গান্ধীৰ জন্মবাৰ্ষিকী আন্তৰ্জাতিক অহিংস দিৱস হিচাপে পালন কৰা হয়।

ভাৰতত শনিবাৰে ১৫২তম গান্ধী জয়ন্তী পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিত পুষ্পাঞ্জলি দি শ্ৰদ্ধা জনায়।

১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত মহাত্মা গান্ধীৰ জন্ম হৈছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোতা এই মহান দেশনেতাগৰাকীক প্ৰতিবছৰে ২ অক্টোবৰত স্মৰণ কৰাৰ লগতে শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰা হয়।

সমগ্ৰ জীৱন সত্য আৰু অহিংসাৰ পথেৰে পৰিচালিত গান্ধীজীয়ে বিশ্ববাসীৰ বাবে এক অনন্য নিদৰ্শন গঢ়ি থৈ গৈছে।

আনহাতে, আজি ২ অক্টোবৰৰ দিনটো দেশৰ আন এগৰাকী মহান নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰো জন্মবাৰ্ষিকী।

প্ৰধানমন্ত্ৰীয়ে মোদীয়ে আজি বিজয়ঘাটলৈ গৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলতো মাল্যাৰ্পন কৰি শ্ৰদ্ধা জনায়।