NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

২৮ বছৰ বয়সত ৯ টা সন্তানৰ মাতৃ, ১২ বছৰ ধৰি প্ৰতিবছৰে গৰ্ভৱতী হৈ আহিছে এইগৰাকী মহিলা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 25, 2023 7:53 pm

গৰ্ভাৱস্থা হৈছে এগৰাকী মহিলাৰ নিজৰ শৰীৰ আৰু মনৰ অন্যতম উল্লেখযোগ্য পৰিৱৰ্তন। এই কাৰণেই বেছিভাগ মহিলাই নিজৰ সংগীৰ সৈতে সন্তানৰ পৰিকল্পনা কৰাৰ আগতে বহুত চিন্তা কৰে। বিশেষজ্ঞসকলে কয় যে যদি আপুনি শাৰীৰিক আৰু মানসিকভাবে প্ৰস্তুত নহয় তেন্তে সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰাটো নিৰাপদ নহ’বও পাৰে। কিন্তু এই সকলো নীতি আৰু পৰামৰ্শক উপেক্ষা কৰি মাত্ৰ ২৮ বছৰ বয়সতে ৯ টাকৈ সন্তানৰ মাতৃ হ’ল এগৰাকী মহিলা।

বৰ্তমান তেওঁৰ বয়স ৩৯ বছৰ। ২৮ বছৰ বয়সত ৯টা সন্তানৰ মাতৃ হৈ পৰে তেওঁ। কিছু মাহ পূৰ্বে টিকটকত নিজৰ এই কথা ঘোষণা কৰি ভাইৰেল হৈছিল তেওঁ।

 আচলতে এই মহিলাগৰাকীয়ে প্ৰতি বছৰে ১২ বছৰ ধৰি গৰ্ভৱতী হৈ আছে। ২০০১ চনত ১৭ বছৰ বয়সত জন্ম হৈছিল তেখেতৰ প্ৰথম সন্তান। তাৰ পিছৰে পৰা বছৰৰ বেছিভাগ সময় তেওঁ গৰ্ভৱতী হৈ থাকে। জানিব পৰা মতে মহিলাগৰাকীৰ নাম ড্যুক।

২০১২ চনত তেওঁৰ শেষ সন্তান জন্ম হয়। ৩৯ বছৰ বয়সত ক’ৰা ডুকে ৯টা সন্তান আৰু ২৩ বছৰীয়া সংগী আন্দ্ৰেৰ সৈতে সুখেৰে জীৱন কটাবলগীয়া হৈছে। 

নেভাদাৰ নাগৰিক ডুকে সংবাদ মাধ্যমক জনাইছিল যে তেওঁ ইচ্ছাকৃতভাৱে গৰ্ভৱতী হোৱা নাছিল। জন্ম নিয়ন্ত্ৰণ পদ্ধতিয়ে কাম কৰা নাছিল বাবেই ৯ টাকৈ সন্তান জন্ম দিবলগা হৈছিল ড্যুকে।

অৱশ্যে ড্যুকে ভাবে যে এনেদৰে ৯টা সন্তানৰ মাতৃৰ ভূমিকা পালন কৰাটো তাইৰ বাবে ঈশ্বৰৰ আশীৰ্বাদ আৰু নিৰ্দেশনা। তেওঁৰ প্ৰথম সন্তান এলিজাৰ বয়স এতিয়া ২১ বছৰ। তাৰ পিছত শ্বীনা, জান, কায়ৰো, ছায়াহ, আভি, ৰোমানী আৰু তাজৰ বয়স ক্ৰমে ২০, ১৭, ১৫, ১৪, ১৩, ১২ আৰু ১০ বছৰ। 

ড্যুক আৰু তেওঁৰ স্বামীৰ তৃতীয় সন্তান ইউমাৰ জন্মৰ সাত দিনৰ পিছত হঠাৎ শিশু মৃত্যু চিনড্ৰম (SIDS) ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। এইগৰাকী মাতৃয়ে ৯টা সন্তান চম্ভালিবলৈ সংগ্ৰাম কৰিও জীৱনটো উপভোগ কৰি আছে।