NORTHEAST NOW (Assamese)
Popular Stories

চন্দ্ৰপৃষ্ঠত থিয় হৈ প্ৰস্ৰাৱ কৰা প্ৰথম ব্যক্তিজন কোন আছিল জানেনে ? জানিবলৈ পঢ়ক …

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 25, 2023 6:57 pm

নীল আৰ্মষ্ট্ৰঙে যে প্ৰথমে চন্দ্ৰপৃষ্ঠত ভৰি দিছিল সেয়া সকলোৰে জ্ঞাত। কিন্তু কোন মহাকাশচাৰীয়ে চন্দ্ৰত প্ৰথমে প্ৰস্ৰাৱ কৰিছিল সেয়া বহুতেই নাজানে। 

এডউইন এলড্ৰিনেই প্ৰথমে চন্দ্ৰত প্ৰস্ৰাৱ কৰিছিল। এলড্ৰিনে নিজেই তেওঁৰ ‘নো ড্ৰিম ইজ টু হাই’ নামৰ কিতাপখনত এই কথা প্ৰকাশ কৰিছিল। যদিও এলড্ৰিনে মহাকাশত নহয়, স্পেচছুটৰ ভিতৰত বিশেষ বেগ এটাত প্ৰস্ৰাৱ কৰিছিল, তথাপিও তেওঁ নিশ্চিতভাৱে চন্দ্ৰপৃষ্ঠত থিয় হৈ প্ৰস্ৰাৱ কৰা প্ৰথমজন মহাকাশচাৰী আছিল।

বহুতৰে মনত প্ৰশ্ন উত্থাপন হয়, কোনোবাই যদি পোনপটীয়াকৈ চন্দ্ৰত প্ৰস্ৰাৱ কৰে তেন্তে কি হ’ব? উত্তৰটো নিৰ্ভৰ কৰিব আপুনি যি পৰিৱেশত আছে তাৰ ওপৰত। 

গ্লাছগো বিশ্ববিদ্যালয়ৰ অধ্যাপক ক্ৰীছ মেচেঞ্জাৰৰ মতে মহাকাশচাৰীসকল যদি চাপ আৰু উষ্ণতা নিয়ন্ত্ৰিত পৰিৱেশত থাকে তেন্তে চন্দ্ৰ আৰু পৃথিৱীৰ মাজত একমাত্ৰ পাৰ্থক্য হ’লহেঁতেন মাধ্যাকৰ্ষণ শক্তি। চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তি পৃথিৱীৰ এক ষষ্ঠ ভাগ। ফলত চন্দ্ৰত প্ৰস্ৰাৱ কৰিলে পৃথিৱীৰ তুলনাত ডেৰ-দুগুণ বেছি দূৰলৈ পৰিব।

কিন্তু চন্দ্ৰত থিয় হৈ যদি কোনোবাই স্পেচছুটৰ পোনে পোনে বাহিৰত প্ৰস্ৰাৱ কৰে তেন্তে চন্দ্ৰৰ ওপৰত বায়ুমণ্ডলৰ চাপৰ অতি কম হোৱাৰ বাবে প্ৰস্ৰাৱ উতলিবলৈ আৰম্ভ কৰিব। আৰু সেই বাষ্প তেতিয়া চন্দ্ৰৰ দুৰ্বল মাধ্যাকৰ্ষণ শক্তিৰ বাবে মজিয়াত পৰিব। কাৰণ ভাপ কঢ়িয়াই নিব পৰাকৈ তাত কোনো বায়ুমণ্ডল নাই। 

প্ৰস্ৰাৱৰ উষ্ণতা শৰীৰৰ উষ্ণতাৰ সমান, প্ৰায় ৩৭ ডিগ্ৰী চেলছিয়াছ। আৰু মহাকাশ চুটটোত থকা চাপ পৃথিৱীৰ বায়ুমণ্ডলীয় চাপৰ দৰেই । গতিকে চন্দ্ৰত স্পেচছুটৰ বাহিৰত প্ৰস্ৰাৱ কৰাৰ লগে লগে বায়ুমণ্ডলৰ চাপৰ কম হোৱাৰ বাবে প্ৰস্ৰাৱটো নিমিষতে বাষ্পলৈ পৰিণত হ’ব।