NORTHEAST NOW (Assamese)
অসম

প্ৰশংসনীয়: পিছপৰা ৰাঙলু পাহাৰগুৰি গাঁৱত খোৱাপানী যোগানৰ ব্যৱস্থা কৰি দিলে কলিয়াবৰ মহাবিদ্যালয়ে

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ October 2, 2021 3:06 pm

আজি ২ অক্টোবৰ। গান্ধী জয়ন্তী।এই দিনটোতে কলিয়াবৰ মহকুমাৰ অতিকৈ পিছপৰা ৰাঙলু পাহাৰগুৰি গাঁৱৰ উন্নয়নৰ বাবে আগবাঢ়ি আহিল কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অধ্যক্ষৰ লগতে এন এছ এছ গোট।

উল্লেখযোগ্য যে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ৰাঙলু পাহাৰগুৰিৰ খোৱা পানীৰ সমস্যাৰ কথা সবিস্তাৰে নৰ্থ ইষ্ট নাওত প্ৰকাশ হৈছিল।

ইয়াৰ পিছতে কলিয়াবৰ মহাবিদ্যালয়ৰ এন এছ এছে গোটৰ লগতে অধ্যক্ষ হিৰণ্য কুমাৰ চলিহা গাওঁখনত উপস্থিত হৈ দুখ দুৰ্দশাৰ বুজ লৈ গাওঁখনক প্ৰতিপালিত গাওঁ হিচাপে লৈ সা সুবিধা প্ৰদান কৰাৰ আশ্বাস দিয়ে।

আৰু ২১ ছেপ্তেম্বৰৰ দিনা গাওঁখনত খোৱাপানীৰ সু ব্যৱস্থা কৰি দিয়ে মহাবিদ্যালয়খনে।

ইয়াৰ পিছতে আজি গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোত উপস্থিত হৈ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা জনাই অনাগত দিনবোৰত গাওঁখনৰ লোকসকলক স্বাবলম্বী কৰি তোলাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা গাওঁখন পৰ্যটনৰ ক্ষেত্ৰত আগুৱাই নিয়াৰো পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে অধ্যক্ষ গৰাকীয়ে।