NORTHEAST NOW (Assamese)
দেশ

টিচিএছৰ ১২ হাজাৰ কৰ্মচাৰী বৰ্খাস্তৰ পৰিকল্পনা: এআই প্ৰযুক্তিৰ ব্যৱহাৰত চিন্তিত কেন্দ্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 28, 2025 9:23 pm
টিচিএছৰ ১২ হাজাৰ কৰ্মচাৰী বৰ্খাস্তৰ পৰিকল্পনা: এআই প্ৰযুক্তিৰ ব্যৱহাৰত চিন্তিত কেন্দ্ৰ

ভাৰতৰ বৃহৎ তথ্য প্ৰযুক্তি কোম্পানী টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ) একেলগে ১২ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পৰিকল্পনা কৰিছে, যিটো কোম্পানীটোৰ মুঠ কৰ্মচাৰীৰ প্ৰায় ২ শতাংশ। এআই প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে খৰচ হ্ৰাস কৰাৰ লক্ষ্যৰে এই বৃহৎ পৰিমাণৰ বৰ্খাস্তৰ সিদ্ধান্ত লোৱা হৈছে। ভৱিষ্যতেও আৰু অধিক কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সম্ভাৱনা থকা বুলি জানিব পৰা গৈছে। এই খবৰে কেন্দ্ৰীয় চৰকাৰক চিন্তিত কৰি তুলিছে, আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে এই বিষয়টোৰ ওপৰত নজৰ ৰাখিছে। প্ৰয়োজন হ’লে কেন্দ্ৰই এই বিষয়ত হস্তক্ষেপ কৰাৰ সম্ভাৱনা আছে।

টিচিএছৰ মুখ্য কাৰ্যবাহী বিষয়া কে কৃতিবাসনে এক সাক্ষাৎকাৰত এই বৰ্খাস্তৰ বিষয়ে মুকলিকৈ কৈছে। তেওঁ উল্লেখ কৰিছে যে এই সিদ্ধান্ত কঠিন হ’লেও প্ৰয়োজনীয়। তেওঁৰ মতে, এই পদক্ষেপৰ উদ্দেশ্য এআইৰ জৰিয়তে ২০ শতাংশ উৎপাদনশীলতা বৃদ্ধি কৰা নহয়। ২০২৫-২৬ বিত্তীয় বৰ্ষত পৰ্যায়ক্ৰমে এই বৰ্খাস্তকৰণ কাৰ্যকৰী কৰা হ’ব, যিটো কোনো নিৰ্দিষ্ট আঞ্চলিক বিভাগত সীমাবদ্ধ নহয়, বৰঞ্চ সমগ্ৰ দেশৰ কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

মন কৰিবলগীয়া যে ভাৰতৰ ২৮৩ বিলিয়ন ডলাৰৰ তথ্য প্ৰযুক্তিৰ বজাৰ কিছু পৰিমাণে দুৰ্বল হৈ পৰিছে। ইয়াৰ এটা কাৰণ হ’ল চাহিদা হ্ৰাস। ইয়াৰ উপৰিও স্থায়ী মুদ্ৰাস্ফীতি আৰু আমেৰিকাৰ নতুন বাণিজ্য নীতিয়েও প্ৰভাৱ পেলাইছে।