NORTHEAST NOW (Assamese)
অসম

চি আই ডিৰ কাৰ্যালয়ত উপস্থিত জুবিন ভাতৃ সন্দীপন : ছিংগাপুৰত কি হৈছিল জানিবলৈ মাৰাথান জেৰা চলাব আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 30, 2025 4:09 pm

জুবিন  গাৰ্গৰ মৃত্যু কিদৰে হৈছিল সেই বিষয়ে তদন্ত চলাই আছে অসম আৰক্ষীৰ চি আই ডি শাখাই। চি আই ডিৰ চমন অনুসৰি মঙলবাৰে চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয় জুবিন গাৰ্গৰ দদায়েকৰ পুত্ৰ তথা উপ-আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গ।

অভিযোগ অনুসৰি, নৰ্থ-ইষ্ট ফেষ্টিভেল উপলক্ষ্যে জুবিন গাৰ্গৰ লগত ছিংগাপুৰলৈ গৈছিল সন্দীপন গাৰ্গ। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰত্যক্ষ সাক্ষী আছিল সন্দীপন গাৰ্গ।

সেয়েহে, জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত প্ৰকৃততে কি হৈছিল সেয়া জানিবৰ বাবে চি আই ডি-এ জেৰা চলাইছে সন্দীপন গাৰ্গক।

ইফালে, জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়াই শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মাকে ধৰি ঘটনাৰ সময়ত উপস্থিত থকা সকলো লোককে তদন্তৰ আওতালৈ আনি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি এজাহাৰ দাখিল কৰিছে।

লগতে, ভাতৃ হিচাপে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰত্যক্ষদৰ্শী হিচাপে সকলো কথা চি আই ডিৰ আগত বিতংকৈ ক’বলৈ সন্দীপন গাৰ্গক আহ্বান জনাইছে।