NORTHEAST NOW (Assamese)
অসম

ব্যক্তিগতকৰণ নহয় নুমলীগড় তেল শোধনাগাৰ : ঘোষণা কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 19, 2019 4:48 pm
Dharmendra P

নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে ৰাজ্য জুৰি আন্দোলন, প্ৰতিবাদ অব্যাহত থকাৰ মাজতে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰ্যালয়ে নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰে।

অসম বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰি কৰে।

‘‘এন আৰ এল ব্যক্তিগতকৰণৰ প্ৰসংগত কেন্দ্ৰই কোনো সিদ্ধান্ত লোৱা নাই আৰু এইক্ষেত্ৰত কোনোধৰণৰ আলোচনা অনুষ্ঠিত হোৱা নাই। পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই কথা স্পষ্ট কৰি দিছে’’ ৰূপম গোস্বামীয়ে কয়।

এন আৰ এল সম্পৰ্কত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বিপিচিএল আৰু এন আৰ এলক ব্যক্তিগত খণ্ডৰ হাতত গটোৱাক লৈ কোনো আলোচনা হোৱা নাই বুলি উল্লেখ কৰি সমগ্ৰ বিষয়টো সন্দৰ্ভত যিহেতু কোনো আলোচনা হোৱাই নাই সেই বাবে ব্যক্তিগতকৰণৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি জনায়।

আনহাতে, বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ গোস্বামীয়ে কেন্দ্ৰই কিছু দিন পূৰ্বে এন আৰ এলৰ বাবে ২২০০০ কোটি টকা অনুমোদন জনোৱা বুলিও উল্লেখ কৰে।

উল্লেখযোগ্য যে, বিগত ১৩ অক্টোবৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু পেট্ৰোলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈ চিঠি লিখি নুলগীগড় শোধনাগাৰ ব্যক্তিগত খণ্ডৰ হাতত দিব নালাগে বুলি উল্লেখ কৰিছিল।

গোস্বামীয়ে লগতে প্ৰধান মন্ত্ৰী, মুখ্য মন্ত্ৰী, অসমৰ বিত্ত মন্ত্ৰী,  কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী, কেন্দ্ৰীয় বিত্ত মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

অসমৰ হিতৰ বিপৰীতে কোনো কাম কেন্দ্ৰই নকৰে বুলিও ৰূপম গোস্বামীয়ে কয়।

এন আৰ এলৰ সৈতে  অসমৰ মানুহৰ আৱেগ জড়িত হৈ আছে। বিপিচিএল বা এন আৰ এলৰ নিৰ্বিয়োজন সন্দৰ্ভত বৰ্তমানলৈ কেন্দ্ৰই কোনো সিদ্ধান্ত  গ্ৰহণ কৰা নাই,” গোস্বামীয়ে লগতে কয়।

নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগত কৰণ সন্দৰ্ভত কংগ্ৰেছৰ বিৰোধিতাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গোস্বামীয়ে কয় ‘‘কংগ্ৰেছৰ হাতত কোনো ইছ্যু নাই। কংগ্ৰেছে প্ৰথমে নিজৰ ঘৰ খন ঠিক থাক কৰি লওক’’।