NORTHEAST NOW (Assamese)
অসম

উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায় : হোটেলৰ পাৰ্কিঙৰ পৰা গাড়ী চুৰি হ’লে হোটেল কৰ্তৃপক্ষই ভৰিব লাগিব মূল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 19, 2019 4:07 pm
Car Parking

হোটেলত থাকিবলৈ যোৱাৰ সময়ত যদিহে আপোনাৰ গাড়ীখন হোটেলৰ কৰ্মচাৰীয়ে থবলৈ দিয়া পাৰ্কিঙৰ পৰা চুৰি হয় তেনেহ’লে হোটেল কৰ্তৃপক্ষ ইয়াৰ বাবে দায়ী বিবেচিত হ’ব।

উচ্চতম ন্যায়ালয়ে অলপতে এটা গোচৰৰ ৰায়দান হিচাপে এনেদৰে নিৰ্দেশ দিয়ে।

ন্যায়ালয়ে কি ক’লে
যিকোনো হোটেল এখনত অতিথি থাকিবলৈ গ’লে অতিথি গৰাকীৰ গাড়ীখন তেওঁৰ অনুমতি সাপেক্ষে সঠিক স্থানত থোৱাতো হোটেল কৰ্মচাৰীৰ দায়িত্ব।

এইক্ষেত্ৰত হোটেলত প্ৰয়োজনীয় পাৰ্কিঙৰ ব্যৱস্থা উপলব্ধ থাকিব লাগিব আৰু হোটেলৰ কৰ্মচাৰীয়ে অতিথি গৰাকীৰ গাড়ীখন নিৰ্দিষ্ট স্থানত পাৰ্কিং কৰাৰ পাছত যদিহে গাড়ীখন চুৰি হয় তেনেহ’লে হোলেটৰ মালিক পক্ষই ইয়াৰ পৰা দায় সাৰিব নোৱাৰিব।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এম এম শন্তনাগোদৰ আৰু ন্যায়াদীশ অজয় ৰস্তোগীৰ বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে।

কি কাৰণত আহিল এনে ৰায়দানৰ প্ৰসংগ

এবাৰ এগৰাকী ব্যক্তিয়ে এখন পঞ্চতাৰকা হোটেলত থাকিবলৈ যোৱাৰ সময়ত তেওঁৰ গাড়ীখন দাড়োৱানে পাৰ্কিং কৰিবলৈ লৈ যায়। ব্যক্তিগৰাকীয়ে হোটেলৰ পৰা ওলাই অহাৰ সময়ত নিজৰ গাড়ীখন বিচৰাৰ সময়ত হোটেল কৰ্তৃপক্ষই তেওঁৰ গাড়ীখন তিনিজন ব্যক্তিয়ে লৈ যোৱা বুলি জনায়, যিসকল ব্যক্তি হোটেলখনলৈ এখন বেলেগ গাড়ীত আহিছিল।

আনহাতে, পৰৱৰ্তী সময়ত ব্যক্তিগৰাকীয়ে বীমা কোম্পানীৰ সৈতে এই সম্পৰ্কে কথা পাতি বীমা সম্বন্ধীয় সকলো যাৱতীয় কাম-কাজ কৰে যদিও হোটেল কৰ্তৃপক্ষই হেৰোৱা গাড়ীখনৰ মূল্য ভৰিবলৈ অস্বীকাৰ কৰি হোটেলৰ ‘পাৰ্কিং কুপনৰ নিয়মৰ কথা উল্লেখ কৰে।

পাৰ্কিং কুপনত এনেদৰে লিখা আছিল ‘‘গাড়ী পাৰ্কিং আপোনাৰ নিজৰ দায়িত্বৰ অধীনত’’

উচ্চতম ন্যায়ালয়ে এই গোচৰৰ ৰায় হিচাপে হোটেলৰ পৰা গাড়ী চুৰি হ’লে ইয়াৰ বাবে হোটেল কৰ্তৃপক্ষ জগৰীয়া হ’ব বুলি ৰায় দান কৰে।