NORTHEAST NOW (Assamese)
অসম

শ্বহীদক অপমান: বিধায়ক আবাসৰ পৰাই কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী October 2, 2021 7:32 pm

অসম আন্দোলনৰ শ্বহীদক অপমান কৰি ৰাজ্য জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীক অৱশেষত আজি পাণবজাৰ আৰক্ষীয়ে দিছপুৰৰ বিধায়ক আবাসৰ পৰাই গ্ৰেপ্তাৰ কৰে।

শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ বাবে ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠিছিল। ৰাজ্যৰ থানাই থানাই বিধায়ক জনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।
এসময়ত AIUDF দলত থাকোতে বদৰুদ্দিন আজমলৰ ঘনিষ্ঠ অনুচৰ হিচাপে পৰিচিত শ্বেৰমান আলীয়ে মিঞা মিউজিয়ামৰ প্ৰসংগৰ পাছতে অসমৰ শ্বহীদৰ সম্পৰ্কত অতি অশোভনীয়-অপমানসূচক তথা বিৰূপ মন্তব্য কৰিছিল।

নেলীৰ প্ৰসংগ উত্থাপনৰে শ্বহীদ দয়ানাথ শৰ্মাক কেন্দ্ৰ কৰি অপমানসূচক মন্তব্য দি শ্বেৰমানে সংবাদ মাধ্যমৰ আগত কৈছিল ‘নেলীৰ দৰেই চাউলখোৱা চাপৰিত দয়ানাথ শৰ্মাৰ নেতৃত্বত মিঞা মানুহখিনিক হত্যাযজ্ঞ চলোৱা হৈছিল।

হাতত বন্দুক লৈ দয়ানাথ শৰ্মাৰ নেতৃত্বত কেইবাহাজাৰো মিঞালোকক হত্যা কৰা হৈছিল। মিঞা মানুহখিনিয়ে আত্মৰক্ষাৰ কাৰণে তেওঁলোকক হত্যা কৰিছিল। হত্যাকাৰীক শ্বহীদ বুলি ক’লে ইতিহাস বিকৃত কৰা হ’ব।‘

তেওঁ লগতে শ্বহীদক অপমান কৰি কৈছিল, ‘হত্যাকাৰী-ঘাতক কেতিয়াও বন্দিত হ’ব নোৱাৰে তেওঁলোক নিন্দিত। আনকি যিসকলে নেলীত হত্যা কৰিবলৈ গৈছিল তেওঁলোকো ঘাতক। কিন্তু তেওঁলোকক শ্বহীদ বুলি ঘোষণা কৰি ৫ লাখকৈ টকা দিয়া হৈছে। তেওঁলোক শ্বহীদ নহয়।‘

উল্লেখযোগ্য যে, গৰুখুঁটিৰ উচ্ছেদৰ ঘটনাৰ পাছতো বহুদিন ধৰি নিশ্চুপ হৈ আছিল শ্বেৰমান আলী। কিন্তু হঠাৎ গৰুখুঁটি কাণ্ডক লৈ অসম আন্দোলনৰ শ্বহীদক অপমানসূচক মন্তব্যৰে যি বিদ্বেষৰ ভাৱ দাঙি ধৰিলে তাক লৈ এতিয়া অসম জ্বলিবলৈ আৰম্ভ কৰিছে।

আনকি ৰাজ্যৰ বিভিন্ন থানাৰ লগতে দিচপুৰ থানাত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই শ্বেৰমান আলীৰ গ্ৰেপ্তাৰৰ দাবী তুলি তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। কংগ্ৰেছেও দলৰ নেতা শ্বেৰমান আলীক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

সম্প্ৰতি বিধায়ক আলীক পাণবজাৰ থানালৈ নিয়া হৈছে। তাৰ পৰাই তেওঁক স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হ’ব।