NORTHEAST NOW (Assamese)
অসম

ইয়াকেই কয় ভাগ্য! মাত্ৰ ১৬৩টকাৰে খাবলৈ কিনি অনা শামুকত মহিলাই পালে ৩কোটি টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 28, 2021 11:37 am
Thai woman get pear of crores

ভাগ্যৰ চকৰি কেতিয়া ঘুৰে কোৱাটো টান।থাইলেণ্ডৰ এগৰাকী দৰিদ্ৰ মহিলাই মাত্ৰ ৭০ভাট অৰ্থাৎ ভাৰতীয় মুদ্ৰাত মাত্ৰ ১৬৩টকাত কিনি অনা খাদ্যৰ মাজত পালে কেইবা কোটি টকাৰ মুকুতা।

বাতৰি অনুসৰি, থাইলেণ্ডৰ ছাতুন প্ৰদেশৰ কোডছাকৰ্ণ তান্টিয়ুৱাটকুল নামৰ মহিলাগৰাকীয়ে ৭০ ভাট দি খাবলৈ এটা সামুদ্ৰিক শামুক কিনি আনিছিল।

ঘৰলৈ আহি মহিলাগৰাকীয়ে সেইটো টুকুৰাকৈ কটাৰ পাছত তাৰ ভিতৰৰ পৰা কমলা ৰঙৰ এটা বস্তু ওলাই পৰে।

প্ৰথমতে পাথৰ বুলি অনুমান কৰে যদিও পাছত বুজিব পাৰে যে সেইটো আচলতে এটা মুকুতাহে। তাকো একেবাৰে অমূল্য ৰত্ন মেলো পাৰ্ল।

জানিব পৰা মতে, ১.৫ছেন্টিমিটাৰ ব্যাসৰ সেই মুক্তাৰ ওজন হৈছে ৬গ্ৰাম। আন্তৰ্জাতিক বজাৰত ইয়াৰ দাম প্ৰায় ৩কোটি টকা।

মহিলাগৰাকীৰ লগতে তেওঁৰ পৰিয়ালে প্ৰথমতে গোটেই বিষয়টো লুকুৱাই ৰাখিছিল কিয়নো সেয়া জানিব পাৰিলে হয়তো সেই বিক্ৰী কৰা দোকানীজনে মুকুতাটো ঘুৰাই বিচাৰিব পাৰে।

পাছত তেওঁলোকে সেইটো বিক্ৰী কৰাৰ সিদ্ধান্ত লয়। কিন্তু ইমান টকাৰে দৰাচলতে তেওঁলোকে কি কৰিব?

এই সন্দৰ্ভত কোডছাকৰ্ণৰ পিতৃ নিৱৱাতে জানিবলৈ দিয়ে যে সদ্যহতে তেওঁলোকক প্ৰায় ভাৰতীয় মুদ্ৰাত প্ৰায় ২৩.৩৪কোটি টকাৰ প্ৰয়োজন। কিয়নো তেওঁৰ পত্নী কেন্সাৰত আক্ৰান্ত। সেয়েহে, তেওঁৰ চিকিৎসাৰ বাবে এতিয়া মুকুতাটো তেওঁলোকে বিক্ৰী কৰিব।

যিয়েই নহওক, দৰিদ্ৰৰ সহায় ভগৱান বোলা কথাষাৰে যেন বাস্তৱত দেখা গৈছে তাৰেই বহিৰ্প্ৰকাশ ঘটিছে বিভিন্নজনৰ ভাষ্যত।