NORTHEAST NOW (Assamese)
অসম

উত্তৰ কাছাৰ স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা আৰম্ভ; তিনিখন আসনৰ ফলাফল ঘোষণা

Posted by: এন ই নাও নিউজ January 22, 2019 11:54 am
Ranu Langthasa

যোৱা ১৯ জানুৱাৰিত অনুষ্ঠিত হৈ যোৱা উত্তৰ কাছাৰ স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনা আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। ইতিমধ্যে ভোট গণনা কেন্দ্ৰত প্ৰাৰ্থী আৰু দলীয় কৰ্মী-সমৰ্থকৰ ভিৰ আৰম্ভ হৈ গৈছে।

ৰাতিপুৱাৰে পৰা হাফলং ডনবস্ক এইচ এছ স্কুলত আৰম্ভ হোৱা ভোট গণনা প্ৰক্ৰিয়াত ইতিমধ্যে তিনিখন আসনৰ ফলাফল ঘোষণা হৈছে। ঘোষিত ফলাফল অনুসৰি ২৮ নম্বৰ চেমখৰ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষা ৰাণু লাঙঠাচাই বিজয় সাব্যস্ত কৰে।

আনহাতে ২৭ নম্বৰ ডিগেৰ সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ই এম চ্যামুয়াল চাঙছানৰ জয় নিশ্চিত হোৱাৰ বিপৰীতে ২২ নম্বৰ দিহামলাইৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰামগালুঙবে জেমিয়ে বৃহৎ ভোটৰ ব্যৱধানত জয়ী হয়। জেমিয়ে বিজেপি প্ৰাৰ্থী নামৰাঙ জেমিক পৰাস্ত কৰিছে।

উল্লেখযোগ্য যে ভোট গণনা প্ৰক্ৰিয়া যথেষ্ট শান্তিপূৰ্ণ ভাৱে চলি থকা বুলি জানিব পৰা গৈছে।