NORTHEAST NOW (Assamese)
অসম

আগৰতলাৰ পৰা গুৱাহাটী অভিমুখী ৩০ জন ৰহিঙিয়াক আটক অসম আৰক্ষীৰ

Posted by: পিনাকী দাস Updated by: পিনাকী দাস January 22, 2019 10:40 am
Rohingya-1-750x375

অসম-ত্ৰিপুৰা সীমান্তৰ পৰা সোমবাৰে অসম আৰক্ষীয়ে ৩০ জন ৰহিঙিয়া শৰণাৰ্থীক আটক কৰে।

পুৰুষ, মহিলা আৰু শিশুকে ধৰি ৰহিঙিয়াৰ দলটোৱে আগৰতলাৰ পৰা বাছেৰে গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত চুৰাইবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে আটক কৰে।

আটকাধীন দলটোৰ এজন ৰহিঙিয়াই জনায় যে তেওঁলোকে জম্মুৰ পৰা দিল্লী তথা গুৱাহাটী হৈ কামৰ সন্ধানত আহিছিল আৰু তিনিদিন ধৰি হোটেলত বাহৰ পাতি থকাৰ পাছতো আগৰতলাত কোনো কাম বিচাৰি নাপালে। সেয়েহে, তেওঁলোকে কাম বিচাৰি পুনৰ গুৱাহাটীলৈ ঘুৰি আহিছিল।

তেওঁ লগতে জনায় যে পশ্চিমবংগৰ কোনো এজন ৰাজুৱে তেওঁলোকক লৈ আনিছিল।

আৰক্ষীয়ে তেওঁলোকৰ কেইজনমানৰ হাতত ৰাষ্ট্ৰসংঘৰ পৰিচয় পত্ৰ লাভ কৰে আৰু সেইবোৰ আচল নে নকল সেয়া পৰীক্ষা কৰি আছে।

ইয়াৰ মাজতে ১৬ টি শিশু আৰু ৯ গৰাকী মহিলাসহ ৩০ জনীয়া ৰহিঙিয়াৰ দলটোৱে আগৰতলাৰ পাৰ্শ্বৱৰ্তী আমতলি আৰক্ষী থানাৰ অন্তৰ্গত ৰায়েৰমূৰাত চাৰিদিন ধৰি ঠেটুৱৈ লগাত জাৰত মুকলি আকাশৰ তলত নিশা কটাবলগীয়া হয়।

তেওঁলোকে ভাৰত-বাংলাদেশৰ সীমান্তৰ কাঁটা তাঁৰৰ বেৰ আৰু সীমান্ত খুটিৰ মাজত আবদ্ধ হৈ থাকিবলগীয়া হয় কিয়নো দুয়োখন দেশৰ সীমান্তৰক্ষী বাহিনীয়ে পৰস্পৰক দোষাৰোপ কৰি তেওঁলোকক এখনে আনখন দেশৰ ভূমিলৈ ঠেলি পঠিয়ায়।

ভাৰতীয় বিএছএফে বাংলাদেশৰ বিজিবিয়ে ভাৰতৰ ভূমিলৈ ৰহিঙিয়াৰ দলটোক পঠিয়াই দিয়াৰ অভিযোগ কৰাৰ বিপৰীতে বিজিবিয়েও বিএছএফৰ বিৰুদ্ধে একেধৰণৰ অভিযোগ আনে।