NORTHEAST NOW (Assamese)
অসম

মন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শনকাৰী প্ৰতিবাদকাৰীক থানাত আৰক্ষীৰ নিৰ্যাতন

Posted by: এন ই নাও নিউজ January 22, 2019 10:24 am
ST status: Assam GoM to start series of discussion from Monday

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপি অধ্যক্ষ ৰঞ্জিত দাসৰ পাছত এইবাৰ ক’লা পতাকাৰ সন্মুখীন হ’ল নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে নানা যুক্তি আগবঢ়োৱা বিজেপিৰ প্ৰভাৱশালী নেতা তথা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

উল্লেখ্য যে, সোমবাৰে ৰঙিয়াৰ কলমণিত থকা ঐতিহাসিক কুৰ্ম-মাধৱ দেৱালয় মন্দিৰৰ এক কাৰ্যসূচীত অংশ লৈ উভটি অহাৰ সময়ত যুৱ-ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইজন মান সদস্যই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মন্ত্ৰী শৰ্মাক ক’লা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰিছিল।

মন্ত্ৰী শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন কৰাৰ অভিযোগত লগে লগে ৭জন প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়। ইফালে আটকাধীন ৭জন প্ৰতিবাদকাৰীৰ ভিতৰত ৬জনক আৰক্ষীয়ে থানাৰ ভিতৰত বেয়াকৈ মাৰপিট কৰে যাৰ ফলত প্ৰতিবাদকাৰী কেইজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা যায়। 

আৰক্ষীৰ বৰ্বৰতাৰ বলি হোৱা লোক কেইজন হৈছে কৃষক মুক্তিৰ ধীৰেন দাস, গগন কলিতা, আমীৰ খান, হিৰণ্য পাথৰী, বিনোদ শৰ্মা আৰু যুৱ-ছাত্ৰৰ ভৱেশ ডেকা।

এক সূত্ৰৰ পৰা জানিব পৰা মতে নাগৰিকত্ব বিধেয়কৰ সপক্ষে নানা যুক্তি প্ৰদৰ্শন কৰি অহা মন্ত্ৰী শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন কৰা কাৰ্য সহজভাৱে ল’ব নোৱাৰি ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুমিত শৰ্মাৰ যোগেদি প্ৰতিবাদকাৰী কেইজনৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

এই লৈ সংগঠন দুটাৰ কৰ্মীসকলে ৰঙিয়া আৰক্ষীক ধিক্কাৰ দিয়াৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায়, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, ভৱেশ কলিতা মুৰ্দাবাদ, চোৰ-ডকাইত ধৰিব নোৱাৰা ৰঙিয়া আৰক্ষী মুৰ্দাবাদ আদি ধ্বনিৰে সোমবাৰে থানা চৌহদ উত্তাল কৰি তোলে।

ইফালে ক’লা পতাকা প্ৰদৰ্শনৰ অভিযোগত আটক হোৱা প্ৰতিবাদকাৰী কেইজনক বিয়লি এৰি দিয়াৰ পাছতে সংগঠন দুটাৰ কৰ্মীসকলে ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুমিত শৰ্মাৰ বিৰুদ্ধে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে।

প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰতা প্ৰদৰ্শন কৰা ৰঙিয়া আৰক্ষীৰ এনে কাৰ্যক সকলোৱে একেমুখে গৰিহনা দিয়াৰ লগতে আৰক্ষীৰ এনে ভূমিকাক লৈ ৰঙিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।