NORTHEAST NOW (Assamese)
অসম

জনজাতিকৰণৰ দাবীত পুনৰ সৰব আটাছু; নিৰ্বাচনত ৰাজনৈতিক দলক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ October 5, 2021 1:04 pm
Tai Ahom demonstration

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে টাই আহোমক জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বিজেপিয়েই হওক বা আন ৰাজনৈতিক দলক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ।

টাই আহোমক জনজাতিকৰণৰ দাবীত মঙলবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত শিৱসাগৰ জিলা উপায়ুক্তৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে।

দীৰ্ঘদিন ধৰি সদৌ টাই আহোম ছাত্ৰ সন্থাই টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী উত্থান কৰাৰ লগতে বিভিন্ন সময়ত আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰি আহিছে।

অসমত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পূৰ্বে ৰাজ্যখনৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও পাছত এই বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

উল্লেখ্য যে অসমৰ কোচ-ৰাজবংশী, টাই আহোম, চুতীয়া, মটক, মৰাণ আৰু চাহ জনগোষ্ঠীয়ে দীৰ্ঘ দিন ধৰি জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে।