NORTHEAST NOW (Assamese)
অসম

টীয়কৰ চেলেংহাটত জঘন্য ঘটনা; মছজিদৰ ভিতৰত কিশোৰীক নিৰ্যাতন জোনাবৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 6, 2021 7:12 am
Heinous incident in Selenghat, Teok; Teenager abused inside masjid

যোৰহাট জিলাৰ টীয়কৰ চেলেংহাটত সংঘটিত হৈছে এক জঘন্য কাণ্ড। লম্পট জোনাবৰ কামনাৰ বলি হৈছে ৮ বছৰীয়া কিশোৰী।

টীয়কৰ চেলেংহাটৰ ডালিম বস্তিত থকা মছজিদত জোনাব (ইমাম) হিচাপে কৰ্মৰত ফাৰুক আহমেদ নামৰ লম্পটটোৱে আজি দিন দুপৰতে এগৰাকী ৮ বছৰীয়া কিশোৰীক শাৰীৰিক নিৰ্যাতন চলায়।

কিশোৰী গৰাকীৰ মাতৃয়ে অভিযোগ কৰা মতে মছজিদৰ ভিতৰত কিশোৰী গৰাকীক পইচা দি ফুচুলাই মাতি লম্পট ফাৰুক আহমেদ নামৰ ইমামজনে এই জঘন্য ঘটনা সংঘটিত কৰে।

পাছত কিশোৰীগৰাকীয়ে লম্পত ইমামজনৰ কু-কাণ্ডৰ বিষয়ে পৰিয়ালক অৱগত কৰাত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে লম্পটটোক উত্তম মাধ্যম শোধায় আৰু আৰক্ষীক চমজাই দিয়ে।

উল্লেখযোগ্য যে বিগত বহুদিন ধৰি এইগৰাকী ধৰ্মীয় গুৰুৱে চেগ বুজি কিশোৰী গৰাকীক শাৰীৰিক নিৰ্যাতন চলাই আহিছিল বুলিও অভিযোগ কৰিছে পৰিয়ালৰ লোকে।

অৱশ্যে লম্পট ইমামজনে এই কু-কাণ্ডৰ কথা অস্বীকাৰ কৰিছে আৰু কিশোৰীগৰাকীৰ পৰিয়ালে পৰিকল্পিতভাৱে তেওঁক এই অপবাদ দিছে বুলি মন্তব্য কৰিছে।

ধৃত ফাৰুকৰ আহমেদৰ ঘৰ হোজাইত বুলি জানিব পৰা গৈছে। টীয়কৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।