NORTHEAST NOW (Assamese)
অসম

কৰ’নাভাইৰাছ: বন্ধ থাকিব তাজ মহল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 17, 2020 7:57 pm
Coronavirus: Taj Mahal to remain shut for visitors

পৰ্য্যটকৰ বাবে মঙলবাৰৰ পৰা বন্ধ থাকিব তাজ মহল।

কৰ’নাভাইৰাছৰ বিৰুদ্ধে সুৰক্ষামূলক ব্যৱস্থাৰ অংশৰূপে পৰ্য্যটন মন্ত্ৰ্যালয়ে ৩১ মাৰ্চলৈকে সাময়িকভাৱে তাজ মহল বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কৰ’নাভাইৰাছৰ বিৰুদ্ধে সুৰক্ষামূলক ব্যৱস্থাৰূপে দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে শিক্ষানুষ্ঠানৰ পৰা আৰম্ভ কৰি চিনেমা হল, উদ্যান আদিও বন্ধ কৰি দিয়া হৈছে।

ভাইৰাছবিধৰ সংক্ৰমণত ভাৰতত এতিয়ালৈকে দুজন লোকৰ মৃত্যু হৈছে আৰু ১১৪টা সংক্ৰমণ চিনাক্ত হৈছে।

অসমত CBSE, চেবা আৰু অন্যান্য ব’ৰ্ড পৰীক্ষাৰ বাহিৰে সকলো স্কুল-কলেজৰ পৰীক্ষা বাতিল কৰা হৈছে।

ইয়াৰ উপৰি বজাৰসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে।

সকলো চৰকাৰী কাৰ্য্যসূচী বন্ধ কৰিবলৈ দিয়া হৈছে লগতে আয়োজিত হ’বলগীয়া আন ৰাজহুৱা অনুষ্ঠানো বাতিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

অসমত বৰ্তমানলৈকে কোনো লোক কৰ’নাভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ অহা নাই।

বৰ্তমানলৈকে ভাৰতত ১৩৭জন লোক ক’ৰ’না ভাইৰাছত আক্রান্ত হৈছে, ইয়াৰে ১৭জন বিদেশী পৰ্যটক। ভাৰতত এই ভাইৰাছৰ ফলত দুজন লোকৰ মৃত্যু হৈছে।

বিশ্বৰ ১৪৯খন দেশৰ ১.৫ লাখতকৈ অধিক লোক ক’ৰ’নাত আক্রান্ত হৈছে আৰু ৬,৫০০তকৈয়ো অধিক লোকৰ মৃত্যু হৈছে।