NORTHEAST NOW (Assamese)
অসম

চাপৰ চাহ বাগিচাত বন বিভাগ আৰু প্ৰশাসনে চলালে উচ্ছেদ অভিযান

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ December 23, 2021 11:51 am

ধুবুৰী পশ্চিম অসমৰ ধুবুৰী জিলাৰ চাপৰ থানা তথা চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাৰুনীতাৰা-বতৰদল গাঁও পঞ্চায়ত এলেকাত অৱস্থিত চাপৰ চাহ বাগিচাত বন বিভাগ আৰু প্ৰশাসনে উচ্ছেদ অভিযান চলাই বহু সংখ্যক চাহ গছ কাটি পেলায়।

ধুবুৰীৰ উপায়ুক্তৰ নিৰ্দেশমৰ্মে  আই ভেলী বন সংগমণ্ডলে স্থানীয় প্ৰশাসন আৰু চাপৰ আৰক্ষীৰ সহযোগত এই উচ্ছেদ অভিযান চলায়।

আই ভেলী বন সংমণ্ডলৰ ডি,এফ,অ’ সুবোধ তালুকদাৰে জানিবলৈ দিয়া মতে  চাপৰ চাহ বাগিচা কৰ্তৃপক্ষই প্ৰায় ৩০/৪০বছৰ মান পূৰ্বৰে পৰা আৰেয়াৰঝাৰ সংৰক্ষিত বনাঞ্চলৰ সমীপৰ ‘ছাগলখুঁটি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল’ৰ প্ৰায় ৬২ বিঘা চৰকাৰী মাটি অবৈধ ভাবে দখল কৰি চাহ বাগিচা গঢ়ি তুলিছিল।

বাগিচাখনে বাৰুণীতাৰা তৃতীয় খণ্ড গাৰ ৪৭ নং দাগৰ ৭বিঘা ১১ লেছা আৰু ৪৮ নং দাগৰ ৬বিঘা ১৪ লেছা চৰকাৰী খাচ মাটি অবৈধভাৱে দখল কৰি চাহ খেতি কৰিছিল।

যোৱা ২৪ অক্টোবৰত চাপৰৰ চক্ৰ বিষয়া শান্তনু গগৈয়ে  উক্ত বেদখলকৃত ভূমিৰ ১ বিঘামান মাটিত উচ্ছেদ চলাই এক্সকেভেটৰৰ সহায়ত চাহ গছসমূহ উভালি পেলাইছিল। শেহতীয়াকৈ বন বিভাগ আৰু স্থানীয় প্ৰশাসনে প্ৰায় ৮ বিঘা মান বেদখলকৃত ভূমিত উচ্ছেদ অভিযান চলাই তাত থকা চাহ গছসমূহ কাটি পেলায়।

উচ্ছেদ অভিযানত আই উপত্যকা বন সংমণ্ডলৰ  ডি এফ অ সুবোধ তালুকদাৰ ,চাপৰৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শান্তনু গগৈ, বহলপুৰৰ আঞ্চলিক বন বিষয়া উত্তম কুমাৰ সেনাপতি তথা  বনকৰ্মীৰ দলৰ লগতে চাপৰ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ এটা বৃহৎ দলে অংশগ্ৰহণ কৰি বৃহৎ সংখ্যক চাহ গছ কাটি পেলাই উক্ত ভূমি  বেদখলমুক্ত কৰা পৰিলক্ষিত হয়।