NORTHEAST NOW (Assamese)
অসম

বিহালীৰ নাচবৰত বনৰীয়া হাতীৰ সন্ত্ৰাস, ত্ৰাসিত গঞা

Posted by: কাজী জেইদুল ইছলাম,বিশ্বনাথ Updated by: কাজী জেইদুল ইছলাম,বিশ্বনাথ October 7, 2021 12:21 pm

ৰাজ্যজুৰি ৬৭ তম বন্য প্ৰাণী সপ্তাহ চলি থকা সময়তে বিহালীৰ নাচবৰত চলিছে বনৰীয়া হাতীৰ সন্ত্ৰাস ।

বিহালীৰ নাচবৰত বনৰীয়া হাতীৰ মুক্ত বিচৰণক লৈ আতংক হৈছে গঞা।

উল্লেখ যে বিহালী নাচবৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত আজি পুৱাৰ পৰা এটা ৪০/৫০ টা হাতীৰ জাকে অৱস্থান কৰি থকাক লৈ চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ।

সন্দেহ কৰা হৈছে বনৰীয়া হাতীৰ জাকটো বিহালীৰ দক্ষিণত থকা কজিৰঙা ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত এই দৰে ওলাই আহিছে।

ইতিমধ্যে বনবিভাগৰ লোক আৰু স্থানীয় লোকে উক্ত স্থানত উপস্হিত হৈ হাতীৰ জাকটোক কাজিৰঙালৈ খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও বিফল হৈছে।

উল্লেখ্য যে বিগত সময়তো বিহালীৰ বিভিন্ন অঞ্চলত এই দৰে বনৰীয়া হাতীৰ জাক আহি স্থানীয় ৰাইজৰ খেতি-বাতি তহিলং কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি প্ৰাণ পৰ্যন্ত কাঢ়ি নিছে বহু লোকৰ।

সেয়ে অতি শীঘ্ৰে এই সমস্যাৰ স্থায়ী সমাধান নকৰিলে পুনৰ বনৰীয়া হাতীৰ পৰা বিহালী অঞ্চলৰ লোকৰ বিস্তৰ ক্ষতি হোৱাতো নিশ্চিত বুলি মন্তব্য কৰিছে স্থানীয় লোকে।