মেলবৰ্ণ যাত্ৰাৰ স্বপ্ন ভংগ: এডিলেইডতে ভাৰতৰ আশাৰ দৌৰ সমাপ্তি ঘটালে ইংলেণ্ডে

২০০৭ চন। টি-২০ বিশ্বকাপৰ উদ্বোধনী প্ৰতিযোগিতা। ৰোমাঞ্চকৰ যুঁজৰ অন্তত পাকিস্তানক পৰাস্ত কৰি খিতাপ আঁজুৰি আনিছিল মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন ভাৰতে। তাৰ পাছৰ পৰাই প্ৰতিযোগিতাখনত দীৰ্ঘদিন ধৰি ব্যৰ্থতাৰ সন্মুখীন হৈ আহিছে ভাৰতীয় ক্ৰিকেট দল।
কেৱল টি-২০ বিশ্বকাপেই নহয়, ২০১১ চনৰ এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয়ৰ পাছত ভাৰতে আইচিচিৰ মূল প্ৰতিযোগিতাত খিতাপ জয়ৰ মুখ দেখা নাই।
ভাৰতৰ এই ব্যৰ্থতাৰ ধাৰা এইবাৰ অষ্ট্ৰেলিয়াত অন্ত পৰাৰ আশাত ডুব গৈছিল ভাৰতীয় ক্ৰিকেট অনুৰাগী। প্ৰতিযোগিতাৰ ছেমিত প্ৰৱেশেৰে অনুৰাগীৰ এই আশাক যেন কিঞ্চিত সজীৱ কৰি তুলিছিল ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে।
কিন্তু অনুৰাগীৰ এই আশাত চেঁচাপানী ঢালি আজি এডিলেইডত ইংলেণ্ডৰ হাতত ১০ উইকেটত চূড়ান্ত ৰূপত বিধ্বস্ত হৈ ছেমিৰ পৰাই বিদায় ল’লে ভাৰতে। ভাৰতীয় দলৰ বলিং বিভাগক দিশহাৰা কৰি ইংলেণ্ডৰ অপেনাৰদ্বয় এলেক্স হেলছ আৰু জ’ছ বাটলাৰে দুৰ্ধৰ্ষ বেটিঙেৰে দলক ফাইনেলত উপনীত কৰায়।
এডিলেইডত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয় খন ছেমিত টছত জয়ী হৈ ইংলেণ্ডৰ অধিনায়ক বাটলাৰে ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। কিন্তু ইনিংছৰ দ্বিতীয় অভাৰতে অপেনাৰ ৰাহুলক বিদায় দিয়ে ক্ৰিছ ৱ’কছে। ইয়াৰ পিছত অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে দলীয় স্ক’ৰ ৫৬ লৈ আগবঢ়াই নিয়ে যদিও মন্থৰ বেটিঙেৰে ২৮ টা বলত মাত্ৰ ২৭ ৰান কৰি দলৰ ওপৰত এক অনাকাংক্ষিত হেঁচাৰ সৃষ্টি কৰে ৰোহিতে।
ৰোহিতৰ বিদায়ৰ পিছত ক্ৰীজলৈ অহা ভাৰতীয় দলৰ অন্যতম নিৰ্ভৰযোগ্য তাৰকা সূৰ্যকুমাৰ যাদৱে কিছু খৰ গতিৰে স্ক’ৰ কৰাৰ চেষ্টা চলায় যদিও ১৪ ৰান কৰি পেভিলিয়নমুখী হয়। ইয়াৰ পাছতে ভাৰতীয় দলৰ ভেটি গঢ়াত নামি পৰে কোহলী আৰু পাণ্ডিয়াই।
চলিত প্ৰতিযোগিতাৰ চতুৰ্থটো অৰ্ধশতক অৰ্জন কৰা কোহলীয়ে ৫০ ৰান সংগ্ৰহ কৰি দলক এক মজবুত স্থিতিত উপনীত কৰায়। আনহাতে পাণ্ডিয়াই মাৰমুখী বেটিঙেৰে ৩৩ বলত ৬৩ ৰান সংগ্ৰহ কৰি অন্তিম বলত হিট উইকেট হয়। কোহলী-পাণ্ডিয়াৰ এই যুঁজাৰু বেটিঙৰ সহায়ত ভাৰতে ১৬৮ ৰান সংগ্ৰহ কৰে।
জয়ৰ বাবে ১৬৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডৰ অপেনাৰদ্বয় বাটলাৰ আৰু হেলছে আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে। ভাৰতীয় বলাৰক ত্ৰাহি মধুসূদন দেখুৱাই দুয়ো দলৰ কোনো হানি ঘটিব নিদিয়াকৈয়ে মাত্ৰ ১৬ অভাৰত লক্ষ্য অতিক্ৰম কৰে। হেলছে মাত্ৰ ৪৭ টা বলত সাতটা ছয় আৰু চাৰিটা চাৰিৰে ৮৬ আৰু বাটলাৰে ৪৯ বলত ৯ টা চাৰি আৰু ৩ টা ছয়েৰে ৮০ ৰান কৰি অপৰাজিত থাকে।
ভাৰতীয় বলিঙৰ এই নিৰাশাজনক প্ৰদৰ্শন আৰু দলৰ অপেনাৰদ্বয়ৰ ব্যৰ্থতাৰ ফলশ্ৰুতিত এইদৰে পুনৰ অব্যাহত থাকে আইচিচিৰ মুখ্য প্ৰতিযোগিতাত ভাৰতৰ ব্যৰ্থতাৰ ধাৰা। আনহাতে ছেমিত জয়েৰে ইংলেণ্ডে ২০১০ চনৰ খিতাপ জয়ৰ পিছত দ্বিতীয়টো টি-২০ বিশ্বকাপ খিতাপৰ সন্ধানত ১৩ তাৰিখে মেলবৰ্ণত পাকিস্তানৰ সন্মুখীন হ’ব।