NORTHEAST NOW (Assamese)
অসম

ডেংগুৰ সংহাৰী ৰূপ: একেদিনাই নতুনকৈ সংক্ৰমিত ৯১ গৰাকী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 10, 2022 9:38 pm
dengue in Assam

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডেংগু সংক্ৰমণ। যোৱা কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডেংগুৱে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে আজি ৰাজ্যজুৰি নতুনকৈ ৯১ গৰাকী ডেংগু সংক্ৰমিত ৰোগী চিনাক্ত হৈছে।

এই নতুন ৯১ গৰাকী ৰোগীৰ সৈতে যোৱা ১০ দিনত অসমত ডেংগু ৰোগীৰ সংখ্যা ৬৫০ গৰাকীলৈ বৃদ্ধি পাইছে।

আজি আক্ৰান্ত হোৱা ৯১ গৰাকী ডেংগু ৰোগীৰ ভিতৰত ৬৫ গৰাকী ৰোগী কাৰ্বি আংলং জিলাৰ বুলি জানিব পৰা গৈছে।

আনহাতে গুৱাহাটীৰ আশে-পাশে ১২ গৰাকী ডেংগু ৰোগী ধৰা পৰিছে।

একেদৰে ডিব্ৰুগড়ত তিনিগৰাকী, দৰং, ডিমা হাচাও আৰু গোৱালপাৰা জিলাত দুগৰাকীকৈ ৰোগী আজি ডেংগুত আক্ৰান্ত হৈছে।

আনহাতে ধেমাজি, কামৰূপ, গুৱাহাটী, শোণীতপুৰ আৰু তিনিচুকীয়া জিলাত এগৰাকীকৈ ৰোগী ডেংগুত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে।

ডেংগুৱে বিশেষকৈ কাৰ্বি আংলং জিলাত আটাইতকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে।

ডেংগুৰ ভয়াৱহতাৰ বাবে এই সপ্তাহত ডিফুৰ সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।