NORTHEAST NOW (Assamese)
অসম

UPSC CSE 2024: ২৬ মে’ত ইউ পি এছ চি অসামৰিক সেৱাৰ পৰীক্ষা; বিজ্ঞপ্তি প্ৰকাশ আয়োগৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 15, 2024 9:18 am

২৬ মে’ত অনুষ্ঠিত হ’ব ইউপিএছচিৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা। কেন্দ্ৰীয় লোকসেৱা আয়োগে বুধবাৰে এই সন্দৰ্ভত এক বিজ্ঞপ্তি প্ৰকাশ কৰে।

বুধবাৰৰ পৰাই আৰম্ভ হৈছে পঞ্জীয়নৰ কাম। অহা ৫ মাৰ্চলৈকে আৱেদন গ্ৰহণ কৰা হ’ব। বৰ্তমান সমগ্ৰ দেশতে অসামৰিক সেৱাত ১ হাজাৰ ৫৬টা পদ খালী হৈ আছে। এই খালী পদসমূহ পৰীক্ষাৰ জৰিয়তে পূৰণ কৰা হ’ব।

প্ৰাৰ্থীসকলে আয়োগৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অনলাইনযোগে আবেদন কৰিব পাৰিব। প্ৰাৰ্থীৰ বয়স ২১ৰ পৰা ৩২ বছৰৰ ভিতৰত হ’ব লাগিব। যিকোনো শাখাৰ পৰা স্নাতক ডিগ্ৰীধাৰীসকলে আবেদন কৰিব পাৰিব। এই পৰীক্ষাত এজন সাধাৰণ পৰীক্ষাৰ্থীয়ে সৰ্বাধিক ৬ বাৰ অৱতীৰ্ণ হ’ব পাৰে।

লগতে পঢ়কঃ মৰ্মান্তিক! কেলিফৰ্ণিয়াত ঘৰৰ পৰা উদ্ধাৰ ভাৰতীয় দম্পতী আৰু দুই নাবালক শিশুৰ মৃতদেহ

এই পৰীক্ষা মূলতঃ তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰা হয়। সেইকেইটা হৈছে প্ৰাৰম্ভিক, মূল আৰু সাক্ষাৎকাৰ।

প্ৰাৰম্ভিক পৰীক্ষাত দুটা বাধ্যতামূলক বিষয় আছে। প্ৰতিটো পৰীক্ষাত ২০০ নম্বৰ। দুয়োখন কাকততে অৱজেক্টিভ টাইপ প্ৰশ্নৰ উত্তৰ দিবলগীয়া হয়। এই ২ ঘণ্টীয়া পৰীক্ষাত দুটা ভাষাত প্ৰশ্নকাকত থাকে। ইংৰাজী আৰু হিন্দীত।

মেইনছ পৰীক্ষাত ভাষাৰ দুটা পৰীক্ষা থাকে। ৩০০ নম্বৰকৈ। লগতে পৰীক্ষাৰ্থীৰ মেধা পৰীক্ষা কৰিবলৈ পাঁচটা বিষয়ৰ পৰীক্ষা হয়। ইয়াত চাৰিটা বাধ্যতামূলক বিষয় আৰু এটা ঐচ্ছিক বিষয় আছে। প্ৰতিটোতে ২৫০ নম্বৰকৈ। তাত সফল হ’লে পাৰ্ছনেলিটি টেষ্টৰ বাবে ২৭৫ নম্বৰ পৰীক্ষা লোৱা হয়। ইয়াৰ পিছত কেন্দ্ৰীয় লোকসেৱা আয়োগে চূড়ান্ত তালিকা প্ৰকাশ কৰে।

লগতে পঢ়কঃ কৃষকৰ প্ৰতিবাদৰ সন্মুখত বেৰিকেড-কন্দুৱা গেছ ব্যৰ্থ; কেন্দ্ৰৰ সৈতে আজি পুনৰ বৈঠক

উল্লেখ্য যে প্ৰতি বছৰে ইউ পি এছ চিয়ে অসামৰিক সেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰে। এই পৰীক্ষাৰ জৰিয়তে IAS, IFS, IPS আদি বিভিন্ন চাকৰিত বিষয়া নিযুক্তি দিয়া হয়।