NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ May 26, 2022 3:28 pm

কলিয়াবৰত নকল সোণসহ আৰক্ষীৰ জালত পৰিছে চাৰিজন লোক। যোৱা নিশা  এক গোপন খবৰৰ ভিত্তিত চুলুং আৰক্ষীয়ে অভিযান চলাই এই অবৈধ ব্যৱসায়ৰ লগত জড়িৰ চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হয়।

আটক কৰা লোক কেইজন হৈছে বাক্সাৰ চুলতান আলি, ৰূপহীহাটৰ খালিফউদ্দিন আৰু চাহাবউদ্দিন আৰু কলিয়াবৰৰ ৩ নং বৰঘূলিৰ চিৰাজুল ইছলাম।

ধৃত লোক কেইজনৰ পৰা আৰক্ষীয়ে নকল সোণসহ নগদ ১২৯০০ টকা আৰু ২টা ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।

ফটো: নৰ্থইষ্ট নাও।

উদ্ধাৰ কৰা নকল সোণখিনিৰ ওজন প্ৰায় ৩৮৭ গ্ৰাম। চুলুং আৰক্ষীয়ে অধিক তথ্যৰ বাবে ইতিমধ্যে সোধপোছ অব্যাহত ৰাখিছে।

আনহাতে, আৰক্ষীয়ে Case No.29/22 US 420/467/34 IPC ত এক গোচৰ ৰুজু কৰিছে।