NORTHEAST NOW (Assamese)
Popular Stories

অসমত আৱব্ধ হৈ থকা পশ্চিমবঙ্গৰ ১২০ গৰাকী লোকক গৃহৰাজ্যলৈ ঘূৰি যোৱাৰ ব্যৱস্থা প্ৰদেশ কংগ্ৰেছৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 17, 2020 4:10 pm
index

অসমত আবব্ধ হৈ থকা পশ্চিমবঙ্গৰ ১২০ গৰাকী লোকক গৃহৰাজ্যলৈ ঘূৰি যোৱাৰ ব্যৱস্থা প্ৰদেশ কংগ্ৰেছৰ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা ৫ খন চাৰ্টাৰ্ড বাছ ভাড়া কৰি জালুকবাৰীস্থিত ISBT ৰ পৰা তেওঁলোকৰ নিজ গৃহলৈ পঠোৱাৰ ব্যৱস্থা কৰে প্ৰদেশ কংগ্ৰেছে।

উল্লেখযোগ্য যে, যোৱা ৩ মেৰ দিনা জাতীয় কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে বহিঃৰাজ্যত আৱদ্ধ শ্ৰমিকক নিজ গৃহলৈ উভতাই পঠোৱাৰ ক্ষেত্ৰত কংগ্ৰেছ দলে ৰেলৰ ভাড়া বহন কৰিব বুলি ঘোষণা কৰিছিল।

সেই উদ্দেশ্যে আজিৰে পৰা প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা অসমত আবদ্ধ শ্ৰমিক সকলক বহিঃৰাজ্যলৈ পঠোৱাৰ ব্যৱস্থা আৰম্ভ কৰিছে।

এই কথা জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

“লকডাউনৰ সময়খিনিক এইসকল শ্ৰমিকক আমি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা খাদ্য সামগ্ৰীও যোগান ধৰাৰ ব্যৱস্থা কৰিছিলোঁ।” বৰাই জানিবলৈ দি কয়।

কংগ্ৰেছৰ এক উচ্চস্তৰীয় সূত্ৰই জনোৱা অনুসৰি এই লোকসকলক পঠিওৱাৰ বাবদ প্ৰায় ৪ লাখ টকা খৰচ হৈছে। মৰিগাঁও, কামৰূপ মহানগৰ, কামৰূপ গ্রাম্যৰ পৰা শ্ৰমিকসকলক পঠিওৱা হয় পশ্চিমবংগলৈ।

পৰ্যায়ক্ৰমে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা শ্ৰমিকসকলক গৃহ ৰাজ্যলৈ পঠাব অসম প্ৰদেশ কংগ্ৰেছে।