NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত নিৰ্বাচন : শিৱসাগৰত ৩জন প্ৰাৰ্থীৰ মনোনয়ন নাকচ; যুঁজত নামিব ২,০২৫জন

Posted by: পাৰ্শ্বজ্যোতি গগৈ November 19, 2018 7:29 am
Panchayat

শিক্ষাগত অৰ্হতাকে ধৰি বিভিন্ন ধৰণৰ খেলিমেলিৰ বাবে শিৱসাগৰ জিলাত পঞ্চায়ত নিৰ্বাচনত মনোনয়ন দাখিল কৰা ৩ গৰাকী  প্ৰাৰ্থীৰ মনোনয়ন নাকচ কৰা হয়। প্ৰাৰ্থী ৩জন হৈছে ক্ৰমে বিজেপি, অগপ আৰু অসম সংগ্ৰামী মঞ্চ দলৰ।

ইয়াৰে বিজেপিৰ লাচিত গাওঁ পঞ্চায়তৰ সভাপতি পদৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়োৱা কল্পনা চাংমাইৰ ভুৱা শিক্ষাগত অৰ্হতা প্ৰমাণ পত্ৰ দাখিল কৰাৰ বিপৰীতে বেতবাৰী পঞ্চায়তৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰা অগপ প্ৰাৰ্থী মনু শেনচোৱা আৰু চেৰেকাপাৰ পঞ্চায়তৰ পৰা মনোনয়ন দাখিল কৰা ভানু চেতিয়াৰ শিক্ষাগত অৰ্হতা আৰু জাতিগত প্ৰমাণ পত্ৰৰ মাজত থকা আসোঁৱাহৰ বাবে মনোনয়ন নাকচ হোৱা বুলি নিৰ্বাচনী বিষয়াই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা শিৱসাগৰ আমগুৰি আৰু থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৩খন জিলা পৰিষদৰ মুঠ ৩৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ হোৱাৰ লগতে ৬২ খন আঞ্চলিক পঞ্চায়তৰ বাবে মুঠ  ১৭৩ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি ৬২ খন গাঁও পঞ্চায়তৰ সভাপতিৰ পদৰ মুঠ ১৯২ গৰাকী প্ৰাৰ্থী মনোনয়ন বৈধ বুলি শিৱসাগৰ নিৰ্বাচনী বিষয়াই জানিবলৈ দিছে ।

শিৱসাগৰ ৬২০ টা ৱাৰ্ড সদস্যৰ মুঠ ১৬২২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল আৰু আটাইকেইখন মনোনয়ন বৈধ বুলি জানিব পৰা গৈছে। শিৱসাগৰ জিলাৰ তিনিওটা সমষ্টিত মুঠ ৭৫৭ টা পঞ্চায়ত প্ৰতিনিধিৰ নিৰ্বাচনত অৱৰ্তীণ হোৱা প্ৰাৰ্থীৰ সংখ্যা হল ২,০২৫ জন।  অহা ৫ ডিচেম্বৰত ৩,৪৪,০৭৯ জন ভোটাৰে এই প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব।